এখন ক’লা চাইকেল আৰু এজন প্ৰজ্ঞাৰোহী
জ্যোতিষ্মান দাস
এই মুহূৰ্তত প্ৰবোধ বৰগোহাঁই চাৰক স্মৰণ কৰোতে মোৰ মানসপটত ভাঁহি আহিছে-- “চাৰৰ ভাবগধুৰ মুখায়ৱৰ লগতে এখন ক’লা চাইকেল, যিখন চাইকেলৰ পেডেল মাৰি ঢকুৱাখনা চাৰিআলিৰ কোনোবা কোণলৈ চাৰ গৈ আছে৷ প্ৰজ্ঞা আৰু অভিজ্ঞতাৰ ভৰত চাৰৰ মূৰটো তললৈ দোঁ খোৱা৷ আৰু হঠাৎ যেতিয়া মই সন্মুখৰ পৰা চাৰক মাত লগাইছো-- ‘চাৰ, ভালে আছেনে? মই জ্যোতিষ্মান’৷ চাৰে চাইকেলখন ৰখাই পৰম আন্তৰিকতাৰে মোৰ খবৰ লৈছে-- কথা পাতিছে৷ --- এতিয়া এই কথা সঁচাকৈ বিশ্বাস কৰিবলৈ টান হৈছে যে চাৰক এতিয়া বাস্তৱত এনেকৈ আকৌ পুনৰ লগ নাপাম৷ ঢকুৱাখনা হায়াৰ চেকেণ্ডাৰী স্কুলত মই তিনিবছৰ পঢ়িছিলো৷ ২০১০ চনত চাৰেও অৱসৰ গ্ৰহণ কৰিছিল, ময়ো স্কুল এৰিছিলো৷ কিন্তু স্কুল এৰাৰ পাছতো বিগত সময়ছোৱাত বিভিন্ন সময়ত চাৰৰ সান্নিধ্য লাভ কৰিছিলোঁ-- চাৰৰ পৰা অনুপ্ৰাণিত হৈছিলো-- আগুৱাই যোৱাৰ শক্তি লাভ কৰিছিলো৷
মই খুউব প্ৰখৰ ছাত্ৰ নাছিলোঁ যদিও ঢকুৱাখনা হায়াৰ চেকেণ্ডাৰী স্কুলৰ কেইবাগৰাকী শিক্ষাগুৰুৱে মোৰ প্ৰতি ৰখা আস্থা আৰু মোক দিয়া অনুপ্ৰেৰণাৰ বলতেই যে পৰৱৰ্তী সময়ৰ শৈক্ষিক জীৱন আৰু অন্যান্য ক্ষেত্ৰত মই কাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলো সেই কথা স্বীকাৰ কৰিবই লাগিব৷ সেই শিক্ষাগুৰুসকলৰ মাজত প্ৰবোধ বৰগোহাঁই চাৰো এজন৷ চাৰৰ প্ৰত্যক্ষ পাঠদান লাভ কৰা নাছিলো যদিও চাৰৰ ব্যক্তিত্ব আৰু প্ৰজ্ঞাৰ আলোকেৰে আমিও পোহৰ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছিলো৷ হায়াৰ চেকেণ্ডাৰী স্কুলত পঢ়ি থকাৰ সময়ত অপৈণত হাতেৰে মই সাহিত্য চৰ্চা কৰাৰো কিছু মৰসাহ কৰিছিলো৷ সেই প্ৰয়াসেৰে দুটা এটা ফচল আমাৰ স্কুলৰ বাৰ্ষিক আলোচনী ‘বিকাশ’ৰ পাতত ওলাইছিল৷ মই ভবাই নাছিলো যে কোনোকালে এইবোৰ মোৰ শিক্ষাগুৰুসকলেও পঢ়িব-- নিজেই নিজৰ লেখা পঢ়ি আত্মবিভোৰ হোৱাৰ বয়স তেতিয়া, ৰোমান্তিক ভাৱোচ্ছাসেৰে ভৰা মন৷ আত্মপ্ৰকাশৰ এক মৃদু তাড়না আৰু আত্মসন্তুষ্টিৰ বাবেই লিখিছিলোঁ৷ সেই সময়ত মোৰ সেই অপৰিপক্ক লেখাবোৰ পঢ়ি মোক উৎসাহিত কৰা মুষ্টিমেয় শিক্ষাগুৰুৰ ভিতৰত প্ৰবোধ বৰগোহাঁই চাৰ আছিল অন্যতম৷ বৃহত্তৰ ঢকুৱাখনা অঞ্চলৰ এজন অতি মেধাবী, অধ্যয়নশীল ব্যক্তি হিচাপে চাৰক সকলোৱে জানিছিল, শ্ৰদ্ধা কৰিছিল৷ কৈশোৰ বয়সতে বৰগোহাঞি চাৰে এই অভাজনৰ লেখা পঢ়ি উৎসাহিত কৰাটো আছিল মোৰ বাবে এক সাংঘাটিক প্ৰাপ্তি৷ চাৰে মোক কৈছিল-- “তোমাৰ হাতখন ভাল৷ লিখিবলৈ নেৰিবা৷” স্কুল পাছ কৰাৰ পাছতো চাৰক যেতিয়া লগ পাইছিলো-- চাৰে প্ৰায়েই সুধিছিল-- “লিখা মেলা কৰি আছানে?” চাৰে মোৰ পৰা যিমান আশা কৰিছিল সেই আশা পূৰ কৰিব নোৱাৰিলেও, বৰ্তমানৰ সাহিত্য চৰ্চাৰ প্ৰয়াস আৰু সাহিত্যৰ শিক্ষকতাৰ নেপথ্যত চাৰৰ অনুপ্ৰেৰণাৰ প্ৰভাৱ যে অন্তনিৰ্হিত হৈ আছে সেয়া অনস্বীকাৰ্য৷ ছাত্ৰ জীৱনত খুউব কমসংখ্যক শিক্ষাগুৰুৰ পৰাহে এনে তাগিদা আৰু অনুপ্ৰেৰণা লাভ কৰিছিলো৷
বন্ধু প্ৰাণকৃষ্ণৰ দেউতাক হোৱাৰ সূত্ৰে চাৰক বিদ্যালয় এৰাৰ পাছতো ঘৰুৱা ভাৱে লগ পাইছিলো৷ মোৰ শৈক্ষিক জীৱনত দুটা সিন্ধান্ত গ্ৰহণ কৰাৰ পাছত মই বহুলোকৰ সমালোচনাৰ সন্মুখীন হৈছিলো৷ প্ৰথমটো-- মেট্ৰিকত তুলনাত্মকভাৱে ভাল [আমাৰ সময়ৰ] ৰিজাল্ট কৰাৰ পাছতো নিজৰ একান্ত ব্যক্তিগত ইচ্ছাৰ বাবে ‘কলা’ শাখাত নামভৰ্তি কৰাটো আৰু দ্বিতীয়টো-- হায়াৰ চেকেণ্ডাৰী পাছ কৰি পঢ়িবলৈ বহু বিষয় থকাৰ পাছতো ‘অসমীয়া’ বিষয়ত মেজৰ লোৱাটো৷ মোৰ মনত পৰে-- চাৰে মোৰ এই দুইটা সিদ্ধান্ত ভাল পাইছিল, কথা প্ৰসংগত চাৰে মোক কৈছিল-- শুভ ইচ্ছা ব্যক্ত কৰিছিল৷ চাৰে হায়াৰ চেকেণ্ডাৰীত পঢ়ি থাকোতে ৰোমাণ্টিক কবিতা লিখা সেই ল’ৰাজনৰ প্ৰতি আস্থা আৰু বিশ্বাস পৰৱৰ্তী সময়তো ৰাখিছিল৷ তাক নিজৰ মাজত থকা শক্তি আৰু সামৰ্থক আৱিষ্কাৰ কৰি নিজা পচন্দ অনুসৰি ভৱিষ্যতটো গঢ় দিবলৈ অনুপ্ৰাণিত কৰিছিল৷ মোৰ শৈক্ষিক জীৱনত এনেদৰেই বিভিন্ন সময়ত, বিভিন্ন পৰ্বত চাৰৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ভূমিকা আছে৷
চাৰৰ ঘৰখনৰ প্ৰতিও যে মই এক গভীৰ আত্মীয়তা অনুভৱ কৰো-- সেয়া ঘৰখনৰ সকলোৱে জানে৷ কাৰণ সেইখন প্ৰবোধ বৰগোহাঁই চাৰৰ ঘৰ৷ ঘৰখনলৈ গ’লে চাৰৰ কায়িক অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিম৷ অৱশ্যে এটা বিশ্বাস মোৰ ভালকৈয়ে আছে-- চাৰৰ আদৰ্শক প্ৰাণকৃষ্ণই জীয়াই ৰাখিব, আমি জীয়াই ৰাখিম৷