শ্ৰদ্ধাৰ বৰগোহাঁই চাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
কল্পনা গগৈ
অৱসৰ গ্ৰহণ কৰাৰ পিছত যিকেইজন মুষ্টিমেয় শিক্ষাগুৰুৱে প্ৰায়ে বিদ্যালয়লৈ অহা-যোৱা কৰি বিদ্যালয়ৰ খা-খবৰ লৈ থাকে অথবা প্ৰতিটো খবৰ জানিবৰ বাবে অত্যন্ত আগ্ৰহ প্ৰকাশ কৰে সেইসকলৰ ভিতৰত প্ৰবোধ চন্দ্ৰ বুঢ়াগোহাঁই চাৰ আছিল অন্যতম৷ বিদ্যালয়ৰ যিকোনো অনুস্থানতেই তেখেত সদায় উপস্থিত থাকিবলৈ যত্ন কৰে৷ বিদ্যালয়ৰ চুড়ান্ত আৰু শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগেই চাৰ আহি উপস্থিত হয় অথবা ফোন কৰি হ’লেও খবৰ লয়৷ বিদ্যালয়খনৰ প্ৰতি থকা টানটোৱে মোক চাৰৰ প্ৰতি আৰু অধিক শ্ৰদ্ধাশীল কৰি তোলে৷ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি চাৰৰ ইহলীলা সম্বৰণ কৰা দিনাই ছাগে প্ৰবোধ বৰগোহাঁই চাৰ শেষবাৰৰ বাবে আহিছিল বিদ্যালয়খনলৈ৷ সেইদিনা বিদ্যালয়লৈ আহিয়েই খুব হুক্হুকাই কান্দি উঠিছিল তেওঁ৷
মই বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাবে যোগদান কৰা সময়ত আমি মহিলা শিক্ষয়িত্ৰী আছিলো মাত্ৰ দুগৰাকী৷ অন্য গৰাকী পদ্মা বৰা বাইদেউ উদ্ভিদ বিজ্ঞানৰ বিষয় শিক্ষয়িত্ৰী৷ সেই সময়ত শিক্ষকৰ জিৰণি কোঠাত স্বনামধন্য কৰুণাকান্ত কলিতা চাৰ, ডঃ চন্দ্ৰধৰ চমুৱা চাৰ, লক্ষী দত্ত ছাৰ, চিকণ চুতীয়া চাৰ, বুদ্ধেশ্বৰ চমুৱা চাৰ, প্ৰমোদ লাহন চাৰ, চন্দ্ৰ বৰুৱা চাৰ ইত্যাদি গুৰু গম্ভীৰ ব্যক্তিৰ সন্মুখত আমি কথা কোৱাৰ সাহস একেবাৰে কৰা নাছিলো৷ ইফালে মাজে মাজে কুমুদ শৰ্মা চাৰ আৰু হেমচন্দ্ৰ গগৈ চাৰৰ হাস্যমধুৰ কথাৰে ৰসাল আৰু জীপাল কৰি তোলে শিক্ষক জিৰণি কোঠাটো৷ প্ৰতিদিনে পাঁচ পিৰিয়ডৰো অধিক ক্লাছ কৰো যদিও ভাগৰি নপৰো৷ জ্যেষ্ঠসকলৰ মাজত কণিষ্ঠতম হিচাবে পোৱা কণ্যাসুলভ মৰম আৰু আদৰৰ মাজত মোৰ বাবে যথেষ্ট আনন্দদায়ক আৰু মধুৰ আছিল সেই দিনবোৰ৷ প্ৰবোধ বৰগোঁহাই চাৰে মোৰ ওচৰত বহি লৈ প্ৰায়ে ইটো সিটো কথা সুধি ভয়-সংকোচৰ ভাববোৰ আঁতৰ কৰিবলৈ যত্ন কৰিছিল৷ বিশেষভাৱে পঢ়া-শুনা আৰু ঘৰুৱা কথাবোৰৰ লগতে অন্যান্য কিতাপ পঢ়া, সাহিত্য বিজ্ঞান আদিৰ বিষয়ে সুধে৷
শান্ত সমাহিত, দেখিলেই শ্ৰদ্ধাত মূৰ দোঁ খাই যোৱা এই ব্যক্তিজনে মোক বিশেষভাৱে প্ৰভাম্বিত কৰিছিল তেখেতৰ অফুৰন্ত জ্ঞানৰ গভীৰতাই৷ বহুত কথা জানিব পাৰিছিলো তেখেতৰ পৰা৷ কিছুমান বিষয়ত খোকোজা লাগিলেই মই চাৰক প্ৰথমে সুধি নিশ্চিন্ত হওঁ৷ ইংৰাজী বিষয়ত কিবা লিখিবলগীয়া হ’লে চাৰক দেখুৱাই লওঁ৷ চাৰৰ জ্ঞানৰ গভীৰতা যিমান আছিল, শ্ৰেণীকোঠাত কিন্তু ছাৰ ইমান সফল হ’ব পৰা নাছিল৷ সম্ভৱ ছাত্ৰ-ছাত্ৰীক কৰা অত্যাধিক মৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে চাৰৰ সৈতে ধেমালি কৰিহে বেছি ভাল পাইছিল৷ চাৰক খুব ভাল পায় ল’ৰা-ছোৱালীবোৰে৷ বিশেষকৈ হুলস্থুল কৰিলেও চাৰে আপত্তি নকৰে বা খুব বেছি শাসন নকৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কেতিয়াবা খং উঠিলে টেবুলত বেতডালে দুকোবমান দিয়ে৷ কোনোবা ছাত্ৰক কেতিয়াবা বেতেৰে কোব দিলেও ছাত্ৰজনে দুখ নাপালো বুলি কৈ ইখন হাত আহি আগবঢ়াই দিয়ে৷ চাৰৰ খং তেতিয়া ক’ৰবাত পলাই ল’ৰাটোক মৰমহে কৰে৷ আমি এইবোৰ দৃশ্য বৰ উপভোগ কৰিছিলো৷ প্ৰয়াত লক্ষী দত্ত চাৰে প্ৰায়ে কয়-- ই প্ৰবোধে যিমান জানে, এইখিনি যদি ছাত্ৰবোৰে মনোযোগেৰে গ্ৰহণ কৰে তেন্তে কিমান যে শিকিব পাৰিলোহেঁতেন৷ হয, চাৰ যে অত্যন্ত মেধাবী আছিল-- সেই কথাটো আমি সৰুৰে পৰা জানিছিলো৷ শুনামতে চাৰে চিভিল চাৰ্ভিছ পৰীক্ষাটো উত্তীৰ্ণ হৈছিল৷ ইংৰাজী লিখনিবোৰ বৰ শুদ্ধকৈ লিখিছিল৷ চাকৰী জীৱনৰ পৰা ২০১০ চনৰ নবেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিছিল৷ সেইদিনাই বিদ্যালয়খনত এখন ডাঙৰ বেতৰ চকী দান দি কৈছিল-- এইখন চকীত কেৱল জ্যেষ্ঠজনহে বহিব পাৰিব৷ আমি এতিয়াও চকীখন সযতনে ৰাখিছো৷ জ্যেষ্ঠজনক সন্মান জনাই চকীখন আগবঢ়াই দিওঁ৷ অন্যসকল সেইখন চকীত কেতিয়াও নবহে৷
বৰ অনুসন্ধিৎসু মনৰ আছিল বৰগোঁহাই চাৰ৷ কোনো এটা বিষয়ৰ ওপৰত আঁতি গুৰি নজনালৈকে সুধি থাকে৷ বৰ আন্তৰিকতাৰে সুধে কথাবোৰ৷ কপটতা বোলা কথাষাৰ যেন চাৰৰ ক্ষেত্ৰত একেবাৰে নাছিল৷ গভীৰ অধ্যয়ন পিপাসু, সাহিত্যনুৰাগী আৰু পৰিবেশৰ প্ৰতি অতি সচেতন চাৰে অৱসৰৰ পিছতো বিভিন্ন সংগঠনৰ লগত জড়িত হৈ সামাজিক দায়িত্ববোধ পৰিচয় দিছিল৷
অধ্যক্ষা হিচাবে দায়িত্ব গ্ৰহণ কৰা দিনা মোক চাৰে আহি আশীৰ্বাদ দিছিল৷অধ্যক্ষা হিচাবে বিদ্যালয়খনৰ অধিক উত্তৰণত কাম কৰিব পাৰিম বুলি তেখেতে মোৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু সেই সেইদিনটোত মোক উৎসাহিত কৰি এটা সুন্দৰ বক্তব্য ৰাখিছিল৷ অধ্যক্ষা হিচাবে দায়িত্ব গ্ৰহণ কৰা পিছৰে পৰা মই তেখেতলোকৰ আশ¹ষ শিৰত লৈ এতিয়ালৈকে নিষ্ঠা আৰু সততাৰে সদায় দায়িত্ব পালন কৰি যাবলৈ যত্ন কৰিছো৷ কিন্তু কেতিয়াবা হতাশ হওঁ৷ মোক পৰামৰ্শ আগবঢ়াই থকা ব্যক্তিসকল যেন ক্ৰমাৎ এজন এজনকৈ আঁতৰি গৈছে মোৰ পৰা৷ সময়মতে চাৰ আঁতৰি গ’ল৷ চাৰৰ প্ৰয়াণত অতি মৰ্মাহত হৈছো৷ তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷