বৰদেউতালৈ শ্ৰদ্ধাঞ্জলি
ৰাণু সোনোৱাল দত্ত [জোন]
মৰমৰ বৰদেউতা এতিয়া আপুনি আমাৰ মাজত নাই৷ এতিয়াৰ পৰা জপনাখন খুলি জোন কি আছে দিয়া বুলি আজিৰ পৰা কোনে মাত লগাব৷ যদি আছে দাইল অকনমান দিয়া, বৰমাই নজনাকৈ গাখীৰ চাহ একাপ দিয়া বুলি আজিৰ পৰা কোনে মাত দিব৷ বিহুত প্ৰথম দিনা আজিৰ পৰা কাক জলপান বাতি আগবঢ়াই দিম কাক বৰদেউতা বুলি মাতিম৷ আপুনি য’তে আছে ভাল দৰে থাকক৷