নিচাদেউলৈ শ্ৰদ্ধাঞ্জলি
জুপিতৰা নাথ
নিচাদেউৰ বিষয়ে লিখিব পৰাকৈ মই ইমান একো নাজানো আচলতে৷ কিন্তু কিছুমান মানুহক শ্ৰদ্ধাৰে সুঁৱৰিবলৈ শুদ্ধকৈ অলপ জানিলেও যথেষ্ট৷
আমাৰ পৰিয়ালটোক নিচাদেউহঁতৰ পৰিয়ালটোৱে ‘সুখী পৰিয়াল’ বুলি কৈছিল ২২-২৩ বছৰ আগতে আমাৰ দেউতা তেতিয়া জীয়াই আছিল৷ বৰ ভাল আছিল সেই দিনবোৰ৷ তেখেতসকলক ভালপোৱাৰ মোৰ প্ৰথম কাৰণটোৱেই এইটো৷ সঘন অহা যোৱা নহ’লেও কিবা আপোন যেন লাগিছিল আপাদেউ আৰু নিচাদেউক৷ মায়ে খুউব শ্ৰদ্ধা কৰিছিল নিচাদেউক৷ নিচদেউক নাপাহৰিবলৈ বা তেখেতৰ প্ৰতি শ্ৰদ্ধা অটুত ৰাখিবলৈ মোৰ ওচৰত এটা অতি শক্তিশালী কাৰণ আছে৷ ২০১৫ চনৰ কথা৷ মাৰ অসুখৰ পাছত [তেতিয়া মাৰ স্বাস্থ্য যথেষ্ট বেয়া আছিল] নিচাদেউ হঠাতে আবেলি এদিন আমাৰ ঘৰ পালেহি৷ কথা বতৰা অলপ পাতিলে আৰু যাবলৈ ল’লো তাৰ পাছত কিবা এটা মনত পৰাৰ দৰে মোলৈ চাই মানিবেগটো মোৰ সন্মুখতে খুলি যিমান পইচা আছিল গোটেইখিনি দি গুছি গ’ল৷ পইচা বৰ বেছি নাছিল-- কিন্তু কথাটোতো পইচাৰ নহয়৷ কিমান মৰম উপজিলে মানুহে নিজৰ ওচৰত থকা গোটেইখিনি পইচা দিব পাৰে৷ কিমান উদাৰ হ’লে মানুহে এনেকুৱা কাম কৰিব পাৰে৷ মনটো ভৰি উঠে এতিয়াও সেই আবেলিটোৰ সোঁৱৰণেৰে৷
নীৰৱ, শান্ত প্ৰকৃতিৰ নিচাদেউজনক খুউব চাওঁ আগতে৷ একান্তমনে খোজ কাঢ়ি যায় বাটটোৱে যেন অলপো কষ্ট নোপোৱাকৈ কোমলকৈ৷ মানুহৰ প্ৰতি অনিষ্ট কৰিব পৰা চিন্তা কৰিব নিচাদেৱে মন-মগজুত ঠাই দিছিল যেন মোৰ নালাগিছিল৷ হয়তো পৃথিৱীৰ বিয়োগাত্মক কথাবোৰৰ পৰা তেখেত দূৰতেই আছিল৷ এইবাৰ ঢকুৱাখনালৈ গ’লে নিচাদেউক নেদেখাটো কেতিয়াবা এনেই নেদেখাৰ দৰে নহ’ব৷ নিচাদেউ নাই৷ এগৰাকী শান্ত আৰু নিমাখিত চেহেৰাৰ মানুহক আমি নেদেখা হৈ যাম৷ আমাৰ ঘৰত আৰু কেতিয়াও নিচদেউ গৈ হঠাতে নোলায়গৈ৷ জবা ফুলজোপাৰ তলত বহি নিচাদেৱে আন্তৰিকতাৰে অথচ কিছু অলসভাৱে বহি নাথাকিব খন্তেক৷ আমি চাৰিআলিলৈ গ’লে কেনেবাকৈ লাহে লাহে খোজ কাঢ়ি থকা নিচাদেউক নেদেখিম৷
এনেকুৱা প্ৰসংগত ঈশ্বৰৰ পৰা কি বিচাৰে মই নাজানো, মাত্ৰ বিচাৰো নিচাদেউৰ ব্যক্তিত্বৰে যাতে অলপ হ’লেও নিজকে পোহৰাব পাৰোঁ৷
আপোনালৈ শ্ৰদ্ধা যাঁচিলো নিচাদেউ৷