বৰগোহাঁই চাৰৰ স্মৃতিত
মনোৰঞ্জন দত্ত
সন্ধিয়া লাগো লাগো সময়খিনিতে সাধাৰণতে ঢকুৱাখনা পাওঁগৈ, যেতিয়াই ঘৰলৈ যাওঁ৷ মোৰেই সৌভাগ্য যে, কাকতলীয় ভাবে প্ৰায়েই সেই সময়খিনিত তেখেতক চাৰিআলিত লগ পাইছিলো৷ “মনোৰঞ্জন, আহিলা আমাৰ ই ঘৰত আছে, এদিন আহিবা৷”-- এই কথাকেইটায়েই প্ৰায়ে মোৰ ঘৰলৈ আহি শুনা প্ৰথম বাক্য আছিল৷ প্ৰাণকৃষ্ণৰ লগত যদিও মই কথা পাতিয়ে থাকো, তথাপি তেখেতে ক’বলৈ নাপাহৰিছিল, “আমাৰ ইয়াৰ খবৰ ৰাখিবা”৷
অতিশয় শান্ত সমাহিত প্ৰকৃতিৰ মানুহৰ আছিল চাৰ৷ মোৰ সংজ্ঞাত প্ৰবোধ বৰগোহাঁই চাৰ আছিল 'Simplicity personified, yet extremely caring and responsible'. চাৰক কেৱল শিক্ষাগুৰু হিচাপেই নহয়, এগৰাকী অভিভাৱক হিচাপেও পাইছিলো৷ ঘৰুৱা সম্পৰ্কটোও অতি মধুৰ আছিল৷ ঘৰলৈ যেতিয়াই যাওঁ, অন্ততঃ মাত এষাৰ লগাবলৈকে তেখেতৰ ঘৰত সোমাইছিলো৷ মাত্ৰ কেইটামান মাহ পঢ়াইছিল চাৰে আমাক স্কুলত৷ কম দিনৰ কাৰণে পঢ়ালেও, তেখেত গোটেই জীৱনৰ বাবে এগৰাকী শিক্ষক হৈ পৰিছিল, এগৰাকী দায়িত্বশীল অভিভাৱক হৈ পৰিছিল৷ চাৰৰ স্বাস্থ্য কিছু দুৰ্বল আছিল৷ তথাপি তেখেতে মোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত অত দূৰ ৰাস্তা চাইকেলখন চলাই আহি হাতত কিতাপ এখন গুজি দি শুভেচ্ছা জনাইছিল৷ সেইবাৰেই আছিল তেখেত আমাৰ ঘৰলৈ প্ৰথম অহা স্কুলৰ পৰা ওলোৱাৰ পিছতো তেখেতৰ লগত সম্পৰ্ক আগৰ দৰেই অটুত আছিল৷ সাধাৰণতে স্কুলৰ পৰা ওলোৱাৰ পিছত শিক্ষাগুৰুসকলে আগৰ দৰে খবৰ ৰাখিব নোৱাৰা হয়, সেয়া স্বাভাৱিক৷ প্ৰতি বছৰৰ নতুন নতুন ছাত্ৰ আৰু যিহেতু সকলো ছাত্ৰয়ে শিক্ষকৰ বাবে সমান গুৰুত্বপূৰ্ণ, গতিকে পুৰণি সকলৰ প্ৰতিটো খবৰ ৰখা সম্ভৱ নহয়৷ তথাপি ২০০৯ চনৰ পৰা আজি পৰ্যন্ত যেতিয়াই শিক্ষাজীৱনত কিবা এটা ঢাপ পাৰ হৈছো, প্ৰতিবাৰেই প্ৰথম আমাৰ ঘৰলৈ আহি শুভেচ্ছা জনোৱা শিক্ষাগুৰুগৰাকী আছিল বৰগোহাঁই চাৰ৷
চাৰৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ প্ৰায় সাত কিঃ মিঃ মান৷ ঘনাই আহ যাহ কৰিবলৈ অলপ কষ্টকৰ তথাপি প্ৰতিবাৰে বেলিমুখীয়া ৰ’দটো লৈ চাইকেলখন চলাই আহি কৈছিল, ‘মনোৰঞ্জন, খুব ভাল পালো, আমাৰ ইয়াকো ক’বা৷” চাৰিআলিত লগ পাই মাত এষাৰ লগালে, চাৰৰ আগ্ৰহপূৰ্ণ সহাঁৰিত ছাত্ৰ হিচাপে গৰ্ব অনুভৱ কৰিছিলো৷ মোৰ মনত পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ চাৰ্টিফিকেটখন কিবা কাৰণত সময়ত মোৰ হাতত পৰা নাছিল৷ কথাটো বোধকৰো মই প্ৰাণকৃষ্ণক কৈছিলো আৰু তাৰ মুখৰ পৰায়ে চাৰে গম পালে৷ পিছদিনায়ে চাৰে দেউতাক এটা ফোন নম্বৰ দিলে, তেখেতৰ প্ৰাক্তন ছাত্ৰ এজনৰ যি সময়ত বিশ্ববিদ্যালয়ৰ এজন ডাঙৰ বিষয়া আছিল৷ বিশ্ববিদ্যালয়ত সোমাওঁতেই তেখেতে কৈছিল, “তুমিও বৰগোহাঁই চাৰৰ ষ্টুডেণ্ট, চাৰে ৰাতিপুৱাই মোক ফোন কৰি সকলো কৈ থৈছে”৷ তেতিয়া অনুভৱ কৰিছিলো যে আঙুলিত ধৰি থকা শিক্ষাগুৰু এগৰাকী এতিয়াও আছে৷
এইবাৰ পি.এইচ.ডি. শেষ কৰি ঘৰলৈ গৈ চাৰক লগ নাপাম৷ তেখেত এইবাৰ ভৰ দুপৰীয়া চাইকেলখন লৈ জালভাৰীলৈকে নাহিব৷ কিন্তু অহা হ’লে, চাইকেলৰ পৰা নামিয়ে ক’লেহেতেঁন “মনোৰঞ্জন, খুব ভাল পালো, আমাৰ ইয়াকো ক’বা”৷