সুহৃদ প্ৰয়াত প্ৰবোধ বৰগোহাঁইলৈ [ৰবীন] আন্তৰিক শ্ৰদ্ধাঞ্জলি

চন্দ্ৰনাথ বৰুৱা


শ্ৰদ্ধেয় প্ৰবোধ বৰগোহাঁইৰ মৃত্যুৰ খবৰটো সৰ্বপ্ৰথমে যোৰহাট এন আই ডিত¸ কৰ্মৰত মোৰ ৰা দিপাঙ্ক বৰুৱাই মৃত্যুৰ পিচদিনা পুৱা আঠ      বজাত মোক জনাইছিল৷ দিপাঙ্ক গোহাঁইদেউৰ ছাত্ৰ আছিল৷ মই সেই দিনা মোৰ জী দেৱযানী বৰুৱাৰ ঘৰত থকাৰ বাবে তেখেতৰ নিথৰ দেহত এপাহি ফুল দি অন্তিম শ্ৰদ্ধাঞ্জলি যাঁচিব নোৱাৰিলো৷ তেখেতৰ দেহাৱসানৰ খবৰটোৱে তেখেতৰ সৈতে বিভিন্ন সময়ত হোৱা কথা-বাৰ্তাবোৰৰ স্মৃতিয়ে মোৰ মনত দোলা দি গৈছিল৷ 

সঁচাকৈ মইয়েই নহয় ঢকুৱাখনাই এজন সৎ আৰু অনুসন্ধিৎসু গুণৰ মানুহ এজনক হেৰুৱালে৷ বয়সৰ ক্ষেত্ৰত বৰগোহাঁইদেউ মোৰ সমসাময়িক আছিল৷ তেখেতৰ মাজু বাইদেউ শ্ৰীযুক্তা কুঞ্জ বৰগোহাঁই লাহনৰ মতে ১৯৫০ চনৰ আহিন মাহত গোহাঁইদেউ জন্ম হৈছিল৷ তেখেতৰ পিতৃ গণনাথ বৰগোহাঁই আৰু মাতৃ ক্ষীৰদা লাহন বৰগোহাঁইৰ চাৰিগৰাকী জী আৰু তিনিজন পুত্ৰৰ মাজৰ প্ৰয়াত প্ৰবোধ বৰগোহাঁইদেউ৷ প্ৰবোধ বৰগোহাঁই সু-সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁইৰ একেটা পৰিয়ালৰ লোক আছিল৷ ঔপন্যাসিক তথা উচ্চ পৰ্যায়ৰ অভিযন্তা প্ৰয়াত নৱ কুমাৰ বৰগোহাঁইৰ অন্যতম ভাতৃ আছিল প্ৰবোধ বৰগোহাঁইদেউ৷ 

উল্লেখযোগ্য যে, চাৰিগৰাকী জী আৰু একমাত্ৰ পুত্ৰ কেওকে শিক্ষিত কৰি এজন সফল পিতৃৰ পৰিচয় ৰাখি থৈ গৈছে৷ একমাত্ৰ পুত্ৰ সম্প্ৰতি এজন গৱেষক ছাত্ৰ৷ ডাঙৰ জী গীতাৰ্থী বৰগোহাঁই গগৈ কলেজৰ অধ্যাপিকা৷ বাকী কেইগৰাকীও সু-সংস্থাপিত৷

তেখেত এজন মেধা ছাত্ৰও আছিল৷ এম. ভি. স্কুলৰ শিক্ষান্ত পৰীক্ষাত বৰগোহাঁইয়ে অসমৰ ভিতৰত পঞ্চম স্থান লৈ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ মেধা আৰু আৰ্থিকভাবে টনকিয়াল পৰিয়ালৰ ছাত্ৰই সেই সময়ত উত্তৰ লখিমপুৰ উচ্ছতৰ বিদ্যালয়ত পঢ়িবলৈ যোৱা কথাটো আমাৰ মনত আছে৷ বৰগোহাঁইৱেও তাতে পঢ়ি একাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়৷

স্নাতক হোৱাৰ পিচত তেখেতে ঢকুৱাখনা হাইস্কুল [বৰ্তমান ঢকুৱাখনা উচ্চ তৰ মাধ্যমিক বিদ্যালয়] সহকাৰী শিক্ষক হিচাপে শিক্ষকতা কৰি সুদীৰ্ঘ সময় অৱসৰী জীৱন পাৰ কৰি সামাজিক দিশটো উল্লেখযোগ্য জনপ্ৰিয়তা অৰ্জন কৰি গৈছে৷ মোৰ দৃষ্টিত তেখেত এজন অনুসন্ধিৎসু মনৰ সুহূদ আছিল৷ হঠাৎ উদ্ভৱ হোৱা কেতবোৰ সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত বাইলতে মোৰ সৈতে আলোচনা কৰিছিল৷ ভাৰতীয় সংবিধানৰ কিছুমান দফাযঅনুচ্ছেদৰ ব্যাখ্যা বিচাৰি মাজে সময়ে মোৰ লগত হোৱা আলোচনাবোৰলৈ মনত পৰে৷ শিশু শ্ৰমিক, সম্পত্তিৰ অধিকাৰ, কেন্দ্ৰ-ৰাজ্য সম্পৰ্ক বিষয়ত প্ৰায়েই তেখেতে মোৰ সৈতে আলোচনা কৰিছিল৷ নৰেন্দ্ৰ মোদীৰ হয়তো কাৰ্যকালত জন্মু আৰু কাশ্মীৰৰ ৩৭০নং ধাৰা বাতিল কৰা সময়ত ৰাতি ১০ বজাটো মোৰ পৰা কিছু কথা জানিব বিচাৰিছিল৷ সংবিধানৰ উক্ত সংশোধনীৰ বাবে তেখেতে মোদী চৰকাৰৰ এনেধৰণৰ কৰ্ম-কাণ্ডত সন্তুষ্ট হোৱা নাছিল যেন কথা-বতৰাতে উমান পাইছিলো৷ 

যি কি নহওক, প্ৰবোধ বৰগোহাঁইদেউৰ মৃত্যুত স্থানীয় ভাবে যথেষ্ট ক্ষতি ল৷ মই তেখেতৰ সৈতে পৰিচয় আৰু সম্পৰ্ক ৰক্ষা কৰি অহা দিনবোৰত সুহৃদৰ ব্যৱহাৰ পাইছিলো৷ এটি প্ৰৱচন মনত পৰিছে-- এজন মানুহ সমাজখনক যিমান মূল্য দিব সিমানেই সমাজখনেও মানুহজনক মূল্য দিব৷ সভা সমিতিত উচিত কথাৰে সততা আৰু সময়োচিত বক্তব্যৰ সামাজিক কত্তৰ্ব্য আৰু দায়বদ্ধতাৰে সাহসী ব্যক্তিত্বৰ দৃষ্টান্ত ৰাখি গৈছে৷ তেখেতৰ দৰে এজন বন্ধুক হেৰুৱাই ঢকুৱাখনাবাসী, পৰিয়াল বৰ্গ, মিত্ৰ-কুটুম্বৰ লগতে মোকও এক অপ্ৰকাশিত বিষণ্ণতাই আমনি দিয়ে৷ উল্লিখিত চমু স্মৃতি স্মৰণ কৰি বৰগোহাঁইদেউলৈ অন্তিম শ্ৰদ্ধাঞ্জলি আৰু ওলগ জনালোঁ

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ