শ্ৰদ্ধাৰ বৰগোঁহাই চাৰলৈ শ্ৰদ্ধাঞ্জলি

 বনমালী সূত


যিহেতু চৈতন্যপূৰ্ণ     পৰমাত্মা ৰূপে হৰি

হূদয়ত আছন্ত প্ৰকাশি৷

তাতেসে ইন্দ্ৰিয়গণ     ভূত প্ৰাণ বুদ্ধি মন

              প্ৰবৰ্তে যতেক জড় ৰাশি৷৷” [নামঘোষা-২২]

মহাপুৰুষ মাধৱদেৱৰ মতে, চৈতন্যস্বৰূপ পৰমাত্মা জীৱৰ হৃদয়ত থাকে আৰু তাতে ভূত, প্ৰাণ, বুদ্ধি, মন ইন্দ্ৰিয়সমূহ বৰ্তি থাকে৷ এই সকলোৰে ভিতৰত আত্মাহে চৈতন্য৷

যাৰ জীৱনে সমাজত সুগন্ধি সৌৰভ বিলাই, যাৰ প্ৰয়াণে সকলো ব্যক্তিৰ হূদয় শূণ্য কৰি যায়, যাৰ জীৱন আদৰ্শ সকলোৰে পাঠেয় তেনে ব্যক্তি মৃত্যুৰ পিছতো জীৱন্ত হৈ ৰয়৷ যাৰ স্মৃতি সকলোৰে অন্তৰত, সজীৱ হৈ থাকে, যাৰ কৰ্মই মানসপটত স্থায়ী হৈ থাকে এনে মৃত্যু অপৰাজেয়৷

গত ২০ অক্টোবৰ তাৰিখে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, শিক্ষাবিদ, প্ৰকৃতিপ্ৰেমী, সমাজ সংস্কাৰক আৰু জ্ঞানপিপাসু প্ৰবোধ চন্দ্ৰ বৰগোহাঁইদেৱে জীৱন নাটৰ সামৰণি মাৰি স্বৰ্গবাস লয়৷ সঁচাকৈ তেখেতৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি৷ আমাৰ হাইস্কুলীয়া জীৱন যেতিয়াৰ পৰা ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছিল স্কুলীয়া জীৱন সামৰণি পৰালৈকে চাৰক নিবিড়ভাৱে লগ পোৱাৰ সৌভাগ্য ঘটিছিল৷ চাৰে আমাক ভাষা [ইংৰাজী, অসমীয়া, ব্যাকৰণ] বোৰৰ পাঠদান কৰিছিল৷ অধ্যয়নশীল চাৰে আমাক কেৱল পাঠ্যপুথিৰ জ্ঞানৰ মাজত আৱব্ধ নাৰাখি তেখেতে পঢ়া বিবিধ পুথিবোৰৰ সাৰকথাবোৰ কৈছিল আৰু আমাক তেনেধৰণৰ পুথি সংগ্ৰহকৰি পঢ়িবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল৷ চাৰ বৰ সময়ানুবৰ্তি আছিল আৰু কথা-বতৰা-সাজপাৰ-চালচলন অতি সৰল আছিল৷ এটি অতি আঢ্যৱন্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিও চাৰ আছিল নিৰহংকাৰী৷ সহজ কথাত বলৈ লে চাৰ আমাৰ বাবে Friend, Philosopher, আৰু Guide আছিল৷

শিক্ষকতাৰ উপৰিও চাৰে সমাজ সংগঠনৰ কামত ওতঃপ্ৰোতভাৱে জড়িত আছিল৷ প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি সদা-সচেতন চাৰেমেগামিক্স প্ৰকৃতি সংঘ দৰে অনুষ্ঠান স্থাপন আৰু ইয়াৰ এজন প্ৰথম শাৰীৰ শুভচিন্তক আছিল৷ ঢকুৱাখনাত গ্ৰন্থ আন্দোলনৰ গুৰি ধৰোঁতা হিচাপেও চাৰক সকলোৱে মনত ৰাখিব৷চন্দ্ৰশেখৰ দাস অধ্যয়ন চক্ৰ আৰু পুথিভঁৰালস্থাপনত সক্ৰিয় কৰ্মী হিচাপে থাকি তেখেতে ইয়াক -ৰূপত জিলিকাই তুলিছিল৷ অৱসৰৰ পাছত শ্ৰদ্ধাৰ বৰগোহাঁই চাৰে ঢকুৱাখনা নগৰত স্থাপিতমেধাবী বিদ্যাপীঠ উত্তৰণৰ দিশত এক মাইলৰ খুঁটি স্বৰূপ কৰ্ম কৰিছিল৷ আমি যেতিয়া ১৯৯৭ চনত শংকৰদেৱ শিশু নিকেতন স্থাপনৰ কথা চিন্তা-চৰ্চা কৰিছিলো চাৰে সেইসময়ৰ পৰায়ে কায়-মনো-বাক্যে আমাৰ অনুষ্ঠানটিৰ লগত জড়িত হৈ পৰিছিল৷ যেতিয়া নিকেতনখন মেগামিক্স প্ৰকৃতি সংঘত চলি আছিল তেতিয়া চাৰৰ ঘৰখন আমাৰ সকলোৰে বাবে ভাতঘৰ আছিল৷ চাৰ-বাইদেৱে দুয়ো নিকেতন পৰিয়ালৰ অভিন্ন অংগ৷ তেখেতে বিভিন্ন সময়ত পৰিচলনা সমিতিৰ সদস্য, শৈক্ষিক উপ-সমিতিৰ সদস্য, অভিভাৱক সদস্য, গৃহনিৰ্মাণ সমিতিৰ সদস্য আদিৰ দৰে অলেখ পদত থাকি নিকেতনৰ সেৱা আগবঢ়াইছিল৷ নিকেতনখন তেখেতে অন্তৰৰ পৰা ভাল পাইছিল৷ নিকেতনখন যিহেতু অসমীয়া মাধ্যমৰ বিদ্যালয় সেয়ে ইয়াত পাঠগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতে যাতে ইংৰাজী কথন (Spoken) অসুবিধা নহয় তাৰবাবে তেখেতে সম্পূৰ্ণ নিজা উদ্যোগত “Spoken English Circle” গঠন কৰি বিভিন্ন Workshop আদি পতাত আগভাগ লৈ ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিছিল৷ তাৰবাবে চাৰৰ ওচৰত নিকেতন পৰিয়াল চিৰ কৃতজ্ঞ৷ চাৰৰ সহধৰ্মিনী শ্ৰদ্ধাৰ চন্দ্ৰমা বাইদেউৰ জানো অৱদান আমাৰ বাবে কম? চাৰৰ লগতে বাইদেউয়েও এই পৰ্য্যন্ত নিকেতন পৰিচালনা সমিতি আৰু ৰূপালী জয়ন্তী মহোৎসৱৰ বিভিন্ন পদত সেৱাৰত৷ এই আপাহতে বাইদেউৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছো৷

শ্ৰদ্ধাৰ শিক্ষাগুৰু বৰগোহাঁইদেৱ স্বাস্থ্যৰ প্ৰতিও সদায় সচেতন আছিল৷ পুৱা খুব সোনকালে উঠি চাৰক খোজকঢ়া আমি সকলোৱে দেখিছো৷ সমাজৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা যোগ শিবিৰ বোৰত চাৰে নিজে অংশ গ্ৰহণ কৰিছিল আৰু অনেকজনক এই সৎকৰ্ম কৰিবৰ বাবে অনুপ্ৰাণিত কৰিছিল৷ আসন, প্ৰাণায়াম আদিৰ কিবা এটা মুদ্ৰা অলপ আঁসোৱাহ বা পাহৰি গলেই চাৰে আমাৰ ঘৰ পাইছিলহি অথবা নিজে আহিবলৈ অসুবিধা পালে মোক ফোন কৰি ঘৰলৈ মাতি নি আসন-প্ৰাণায়াম আদি সুন্দৰকৈ শিকি লৈছিল৷ শিকিবলৈ আগ্ৰহী আৰু শিকিবলৈ লাজ নকৰা চাৰৰ স্বভাৱ আছিল৷ আমৃত্যু তেখেতে এই জ্ঞানপিপাসু মনটো হৃদয়ত লৈ ফুৰিছিল৷ এইজনো মহান শিক্ষাবিদক হেৰুৱাই আজি আমি সকলোৱে মৰ্মাহত হৈছো৷ চাৰৰ পূণ্যাত্মা তেই নাথাকক তাতে, শান্তিৰে থাকক তাকে প্ৰাৰ্থনা জনাই গাইছো--

ওম পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণমুদচ্যতে

পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱাৱশিষ্যতে

ঔম শান্তি, শান্তি, শান্তি

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ