উপায় বিহীন হৈ মানি ল’লো “মৃত্যু এক শিল্প”

 বৰ্ণালী ৰাজকোঁৱৰ


জীৱনৰ বাটত লগ পোৱা কোনো কথাত অভিযোগ নথকা এজন সঁচা মানুহকাৰো ওচৰত গুৰুত্ব নিবিচাৰি কৰ্ম আৰু লক্ষ্যত গুৰুত্ব দিয়া এজন সঁচা মানুহস্বাক্ষৰ অজুহাত দেখুৱাই [বিশেষ ভাৱে একো নহলেপিছপৰি নথকা এজন সঁচা মানুহহঠাৎ নোহোৱা হৈ ল৷ এৰি থৈ  অলেখ স্মৃতি৷ সোঁৱৰণিৰ পুষ্ঠ টোপালাটো এৰি থৈ  আমাৰ বুকুত৷

চাৰশব্দৰ সীমাবদ্ধতাত আপোনাৰ সোঁৱৰণিবোৰ প্ৰকাশ কৰিব নোৱাৰিলেও মনৰ প্ৰতিটো পৃষ্ঠাত জীয়া জীয়া গোন্ধ এটাৰে সেউজীয়া কৰি ৰাখিব আমৰণ৷

বৰ্ণালী অহা নাই নেকি আজিঞ্জ [নেদেখিলেই সুধে]

আহিছো চাৰ৷

ৰা-ছোৱালী কেইটাই কি পঢ়িছে৷

আৰু  যে কি..../ এইবোৰ এতিয়া মনৰ মাজতেই পাগুলিছো৷  কথা বুলি ভবা বাক্যবোৰ এতিয়াছোন অমূল্য যেন লাগিছে৷

এটা অনুষ্ঠানৰ প্ৰতি কিমান আন্তৰিকতা থাকিলে এজন মানুহে দেহমনসময় আৰু শ্ৰম দিব পাৰেজ্ব কিমান আগ্ৰহ থাকিলে অনেক বাধা নেওচি একাগ্ৰতা আৰু নিয়মানুবৰ্তিতা  পাৰেজ্ব কিমান সপোন থাকিলে আনক মনোবল দি আগুৱাই নিবলৈ সাহসী  পাৰে আৰু কিমান মনোবল থাকিলে দিন-ৰাতিবতাহ-ধুমুহা-বৰষুণশীত-তাপক ভ্ৰূক্ষেপ নকৰি সহযোগীসহযাত্ৰী অথবা সহযোদ্ধা  পাৰে৷ সেইজনেই আমাৰ চাৰ প্ৰবোধ বৰগোহাঁই৷ চাৰ এতিয়া আৰু নাই বুলি শব্দেৰে  নোৱাৰোমনেৰে ভাৱিবও নোৱাৰো৷

[সুস্থ থাকোতেপ্ৰাতঃ সভাত ছাত্ৰ-ছাত্ৰীসহকম¹ সহিতে সমস্বৰে গোৱা চাৰৰ প্ৰাৰ্থনাবোৰ আৰু কেতিয়াও শুনিবলৈ নাপাম৷ জিৰণি পিৰিয়দত আমাৰ চাহৰ আড্ডাত চাৰৰ কাপটো খালি হৈ থাকিব৷ আমাৰ হাঁহিবোৰৰ সতে চাৰৰ হাঁহিবোৰ আৰু কেতিয়াও এক নহব৷ আমি আটাইবোৰ চাৰৰসন্তানৰ দৰে যদিও চাৰ আমাৰ সতে বন্ধুৰ দৰে আছিল [এনে নহয় যে আমি তেখেতক সমীহ কৰা নাছিলো] মুক্ত মনে  পাৰিছিল মনৰ সকলো সুখ অথবা দুখ৷ আমাৰ মাজত চাৰ সদায় তৰুণ হৈ উঠিছিল৷ আমাৰ লগত থাকিলে চাৰে কেতিয়াও উদাস অথবা নৈৰশ্যতা অনুভৱ কৰা নাছিল৷ হয়তু চাৰৰ মনৰ ভাগ-বতৰাৰ জোখাৰে মেধাৱী বিদ্যাপীঠৰ পৰিয়ালৰ প্ৰতিজন সদস্যই চাৰৰ অতিকে আপোন হৈ পৰিছিলো৷ সেয়েহে আমিবোৰ সহকম¹ উপৰিও এজন আনজনৰ ভাল সংগী৷ 

বিদ্যাপীঠৰ সাহাৰ্যৰ বাবে অনা থিয়েটাৰৰ টিকট বেছিবলৈও চাৰ আমাৰ লগত সমানে গৈছিল৷ জানুৱাৰীফেব্ৰুৱাৰী মাহৰ শীতকো চাৰে আওকান কৰি আমাক সাহস দিছিল৷ বিদ্যাপীঠৰ ক্ষেত্ৰ অধ্যয়নত চাৰ আমাৰ লগত প্ৰতিবাৰেই গৈছিল৷ গাড়ীত আমি প্ৰত্যেকেই খবৰ লৈ যাওঁঃ চাৰ ঠিকেই আছেনেঞ্জ

মিছিকীয়া হাঁহি এটাৰে কয়ঃ ঠিকেই আছো৷

আমাৰ বাবে কমলাৰ টোপোলাটো বলৈ কেতিয়াও নাপাহৰে৷

বিদ্যাপীঠৰ স্থায়ী মাটি কিনাৰ ক্ষেত্ৰত চাৰৰ সহযোগ অথবা কষ্ট বহুত বেছি৷ চাৰ এটা কথাত সুখী হৈ  যে আমাক এটুকুৰা স্থায়ী মাটিত স্থায়ী ঠিকনা দি ল৷ কিন্তু এটা সপোন বুকুত লৈ ল৷ বিদ্যাপীঠৰ এটা পুথিভঁৰাল৷ কিছু কিতাপ চাৰৰ অনুৰুধ ক্ৰমে বহুজনে দিছেও ইতিমধ্যে৷ সেই কিতাপবোৰ থবলৈ চাৰে এটা বাকচ কিনি দিছিল আৰু মোক কাষলৈ মাতি কৈছিল-- বৰ্ণালী এই বাকচৰ চাবিটো তোমাক গতালো৷

চাৰ সকলোৰে সহায় আৰু সহযোগ পালে আপোনাৰ সপোনৰ পুথিভঁৰালটো সজাবলৈ যত্ন কৰিম৷ আশা কৰো আপোনাৰ আশীৰ্বাদ সদায়ে আমাৰ শিৰত থাকিব৷ 

আমাৰ বিদ্যাপীঠৰ পৰিয়ালে এজন অভিভাৱকশুভাকাংক্ষীপথ প্ৰদৰ্শকক হেৰুৱাই অত্যন্ত দুখ অনুভৱ কৰিছো৷ শান্তধৈৰ্য্যসংস্কাৰ আৰু উদাৰতাৰ প্ৰতীক হিচাপে তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব৷ গা ভালে থকা দিনবোৰত শ্ৰেণীকোঠাত নিয়মীয়া পাঠদানেৰে ছাত্ৰ-ছাত্ৰী সকলক নিজ সন্তানৰ দৰে মৰম কৰিছিল৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ যাবলৈ এলাহ কৰা নাছিল৷ বাইচাইকেলখন আছিল তেওঁৰ সাৰথি৷ পৰীক্ষাত ভাল নম্বৰ পোৱাজনক তেওঁ ব্যক্তিগত ভাৱে পুৰষ্কৃত কৰিছিল৷

চাৰৰ অভাৱে আমাক দুৰ্বল কৰি থৈ  মানসিক ভাৱে৷ চিৰসত্য মৃত্যুৰ ওচৰত চাৰ হাৰি  আৰু আমিবোৰে উপায় বিহীন হৈ মানি লো “মৃত্যু এক শিল্প৷ 

চাৰ আমাৰ বিদ্যাপীঠৰ পৰিয়ালৰ অশেষ আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব৷ আমাৰ সিপাৰত আপুনি শান্তিত থাকক৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ