ৰবীন মামাৰ সোঁৱৰণত

মৌচুমী হাতীবৰুৱা 


মৃত্যু পৰম সত্য৷ তথাপি আপোনজনৰ মৃত্যুৰ বাতৰি অসহনীয়৷ যোৱা ২১ তাৰিখে পুৱাতে ভাইটি বেদান্তই খবৰটো দিলে৷মামা নাই” --আকস্মিক খবৰটোত উচপ খাই উঠিলো৷ স্তব্ধ হৈ ৰৈ লো৷ অবুজ দুখত মনটোৱে হাঁহাকাৰ কৰি উঠিল৷ ভাব , চিৰদিনৰ বাবে হেৰাই   এখন চিনাকি মুখ৷ এষাৰি মৰমৰ মাত৷ এজন শুভাকাংক্ষী৷ এজন আত্মীয়ক... 

প্ৰবোধ চন্দ্ৰ বৰগোহাঁই মোৰ মাৰ স্নেহ আৰু শ্ৰদ্ধাৰ দদায়েক             গণনাথ গোহাঁইদেৱৰ কনিষ্ঠ পুত্ৰ৷ সেই সূত্ৰে মোৰ মামা৷ গণনাথ গোহাঁই আছিল স্বাধীনতা আন্দোলনত কাৰবাস খটা এগৰাকী স্বদেশ অনুৰাগী আৰু সমাজ হিতৈষী ব্যক্তি৷ ঢকুৱাখনাৰ শিক্ষা আৰু সমাজ জীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম৷ ঢকুৱাখনা হাইস্কুল আৰু ঢকুৱাখনা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ অৱদান সৰ্বজন বিদিত৷ দেখিলেই ভক্তি ওপজা গাম্ভীৰ্যপূৰ্ণ ব্যক্তিত্বৰে তেখেত আছিল এগৰাকী সভা শুৱনি মানুহ৷ তেখেতৰ চেহেৰা আৰু স্বভাৱ চৰিত্ৰৰ মাজত প্ৰকৃতাৰ্থত এগৰাকী ম্ভ্ৰান্ত অসমীয়া ভদ্ৰলোকৰ আভিজাত্য ফুটি উঠিছিল৷ এনে এগৰাকী সজ্জন পিতৃৰ সু-সুন্তান প্ৰবোধ চন্দ্ৰ বৰগোহাঁইদেৱে জন্মগতভাবে ঘৰখনত লাভ কৰিছিল সুশিক্ষা আৰু সংস্কাৰৰ আদিপাঠ৷

স্বভাৱত নিৰ্জু, অমায়িক, মৃদুভাষী, দয়ালু, পৰোপকাৰী আদি অনেক গুণৰ অধিকাৰী প্ৰবোধ বৰগোহাঁইদেৱ এগৰাকী সমাজ প্ৰিয় ব্যক্তি আছিল৷ অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখা, মেগামিক্স প্ৰকৃতি সংঘ, চন্দ্ৰশেখৰ দাস অধ্যয়ন চক্ৰ আদি অনুষ্ঠানৰ তেখেত আছিল এগৰাকী নিষ্ঠাবান কৰ্মী তদুপৰি যিকোনো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, সভা সমিতিত তেখেত সদায় সক্ৰিয় সহযোগিতা আগবঢ়াইছিল৷ ব্যক্তিগত জীৱনত তেখেত আছিল এগৰাকী মৰমিয়াল, আদৰ্শবান পতি আৰু এগৰাকী সফল পিতৃ৷ তেখেতৰ কেওটি সন্তানেই মেধাসম্পন্ন আৰু সুপ্ৰতিষ্ঠিত৷ তেখেত নিজেও এজন অধ্যয়ন প্ৰিয় ব্যক্তি আৰু সাহিত্য অনুৰাগী আছিল৷ মোৰ লেখা কাকতত প্ৰকাশ লে তেখেতে বৰ আনন্দ পাইছিল আৰু ফোন যোগে মোক জনাইছিল৷ তেখেতৰ অনুপ্ৰেৰণাতে মামী চন্দ্ৰমা বৰগোহাঞি- হাতত কলম তুলি লৈছিল আৰু ইটো-সিটো লিখি বাতৰি কাকতলৈ প্ৰেৰণ কৰিছিল৷ প্ৰথম লক ডাউন খোলাৰ পিচতে তেখেতে এদিন মোৰ ওচৰলৈ আহি কৈছিল-- “মামীয়েৰাক লেখিকা সমাৰোহলৈ উলিয়াই নিবি৷ তেওঁ নিজে যাবলৈ সংকোচ কৰে৷” --পত্নীক এনেদৰে সমাজলৈ আগবঢ়াই দিয়া কেইজন পতি আমাৰ সমাজত আছে? মনত পৰে, মোৰ ছোৱালীজনী স্কুলত থাকোতে তাইৰ লগৰীয়া আমাৰ চুবুৰীয়া কণমানি কেইজনীৰ সৈতেৰঙা নীলা শৈশৱৰ পৃথিৱীনামেৰে এখন হাতে লিখা আলোচনী উলিয়াইছিল৷ বছৰেকীয়া পৰীক্ষা দি উঠি সিহঁতে লিখা আৰম্ভ কৰে আৰু বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ পহিলা জানুৱাৰীৰ দিনা সন্ধিয়ালৈ সেইখন উন্মোচন কৰে৷ সেইদিনা সিহঁতৰ কি উলাহকিতাপখন প্ৰেচত গৈ বন্ধোৱা, ৰঙীন কাগজেৰে পেকিং কৰা, বজাৰলৈ গৈ মাছ-মাংস-মিঠাই কিনা ইত্যাদি সকলো কাম সিহঁতে নিজেই কৰে৷ গ্ৰন্থ উন্মোচনী সভাৰ লগতে সিহঁতৰ কবিতা আবৃত্তি, নৃত্য গীতৰো কাৰ্যসূচী থাকে৷ এই দিনটোত সদায়ে সিহঁতৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে সিহঁতৰ মৰমৰ ‘‘ককাপ্ৰবোধ চন্দ্ৰ বৰগোহাঁইদেৱ৷ কোনোবা দিনা যদি সিহঁতৰ মাতিবলৈ যোৱা পলম হয় তেখেতে বাচ চাই থাকে-- “ছোৱালীকেইজনী কেতিয়া আহিবপহিলা জানুৱাৰীৰ সেই হাড় কঁপোৱা জাৰক নেওচি আধা ৰাতিলৈ তেওঁ কনমানি কেইজনীৰ অনুষ্ঠান চাই সিহঁতক উৎসাহ যোগায়৷ আমি আটায়ে লগে ভাগে এসাঁজ খাই দুপৰ ৰাতি ঘৰাঘৰি হওঁ৷ কোনোবা এজনে তেখেতক আগবঢ়াই দিয়ে৷

ব্যক্তিগত সম্বন্ধত আমি মামা-ভাগিন৷ তাতে ওচৰা-ওচৰিকৈ বাস কৰোঁ৷ মাজে সময়ে মামা আহি থাকে৷ মামা আহিলে মনটো ভাল লাগে৷ ভাবো, দেউতা থকা লেও ছাগে এনেদৰে আহি থাকিলহেঁতেন৷ আথেবেথে চাহ একাপ যাচোঁ৷ মামাক চাহকাপ যাচোঁতে সদায় ভাব হয় যেন উপৰি পুৰুষলৈহে মই সভক্তিৰে পানী এচলু আগবঢ়াইছোঁ৷ এতিয়া তাৰো মুদা মৰিল৷ আজিৰ এই ব্যস্ততাভৰা দিনত কোনে কাৰ খবৰ ৰাখেঞ্জ 

মামাক মই বিদ্যালয়তো পাইছিলোঁ সহকৰ্মী হিচাবে৷ তেখেতৰ দৰে সৎ আৰু নিকা মানুহ খুব কম আছে৷ ছাত্ৰ-ছাত্ৰীক তেখেতে বৰ মৰমেৰে পাঠদান কৰিছিল৷ এইটো তেখেতৰ পৰা শিকিবলগীয়া গুণ৷ যিকোনো কথাত সদায় ইতিবাচক মনোভাবৰ পোষণ কৰিছিল৷ বিদ্যালয়ৰ সভাবোৰত শেষলৈকে উপস্থিত থাকি সহযোগিতা আগবঢ়াইছিল৷ শান্ত-শিষ্ট ধীৰ প্ৰকৃতিৰ মানুহজনে কেতিয়াও কোনো সহকৰ্মীকে কটু কথা কোৱা দেখা নাছিলোঁ৷

এনে এজন ব্যক্তিৰ বিয়োগত সমাজে হেৰুৱালে এগৰাকী সচেতন আৰু নীতিনিষ্ঠ নাগৰিক আৰু মই হেৰুৱালোঁ মোৰ এগৰাকী শুভচিন্তক তথা অভিভাৱক৷ মামাৰ স্বৰ্গগত আত্মাই চিৰশান্তি লাভ কৰক৷ আজি তেখেতৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ প্ৰতি মোৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ৷

ঔম শান্তি, শান্তি, শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ