শ্ৰদ্ধাঞ্জলি...

পৰিমল বড়া


২০ অক্টোবৰ, ২০২১ তাৰিখ বুধবাৰে ঢকুৱাখনা বালি গাঁৱৰ নিবাসী প্ৰাক্তন শিক্ষক, সমাজকৰ্মী আৰু হেন্ৰিক ইব্চেন নাট্য মঞ্চৰ জন্মলগ্নৰে পৰা উপদেষ্টা পদত অধিষ্ঠিত শ্ৰদ্ধাৰ প্ৰবোধ চন্দ্ৰ বৰগোহাঁইদেৱৰ মৃত্যুৰ বাৰ্তাটোৱে নাট্য মঞ্চৰ সদস্য-সদস্যাৰ মাজত গভীৰ শোকৰ ছাঁ পেলালে৷

সঁচাকৈ তেখেতৰ বিয়োগত আমি মৰ্মাহত/ সময় বোঁৱতী নদী, সময়ৰ ঢৌত এদিন হেৰাই যায়৷ ৰৈ যায় ক্ষণৰ স্মৃতি৷ স্মৃতি কোঠাত টুকুৰিয়াই, টুকুৰিয়াই থাকোতে কলমৰ আগত নিগৰি আহিল চাৰৰ সৈতে অতিবাহিত কৰা মুহূৰ্তবোৰৰ খিলা খিলা পৃষ্ঠা৷

সেই দিনটো আছিল ১২ অক্টোবৰ নাট্যমঞ্চৰ প্ৰতিষ্ঠা দিৱস, পুৱাৰ পৰা সকলো কম¹ ব্যস্ত৷ আমি বৰগোহাঁই চাৰক বৃক্ষৰোপণৰ দায়িত্ব অৰ্পণ কৰিছিলো৷ নিৰ্দিষ্ট সময়ৰ আগত আহি বৃক্ষৰোপণ স্থলীত উপস্থিত হৈছিল৷ সময়ৰ প্ৰতি থকা নিয়মানুৱৰ্তিতা, দায়িত্ববোধে আমাক যথেষ্ট উৎসাহিত কৰিছিল আৰু শিকাইছিল বহু কথা৷ ছাৰৰ সৰল মন, কনকন মইনা, মাইনীৰ প্ৰতি থকা অপাৰ স্নেহ, প্ৰকৃতিক ভালপোৱা নিদৰ্শন সঁচাই বিৰল৷ সুদীৰ্ঘ সময়ছোৱাত নিৰ্দিষ্ট বক্তা , পৰামৰ্শদাতা, বন্তি প্ৰজ্বলকৰ দায়িত্ব পালন কৰি নাট্যমঞ্চক মহিমামণ্ডিত কৰিছিল৷ আমি কেতিয়াও পাহৰিব নোৱাৰো, সদায় আমাৰ মাজত তেওঁ জীয়াই থাকিব৷

আজি আদ্যশ্ৰাদ্ধত নাট্যমঞ্চৰ সদস্য-সদস্যাই অশ্ৰুসিক্ত নয়নেৰে সোঁৱৰিছো৷ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, তেওঁৰ বিদেহী আত্মাই তে নাথাকক চিৰশান্তি লাভ কৰক৷

লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ