বন্ধুসম প্ৰবোধ বৰগোহাঁইৰ সোঁৱৰণত
বিদ্যা দত্ত
এই বিনন্দীয়া সংসাৰত যিসকলে নিজৰ নাম সোণোৱালী আখৰে অংকৃত কৰি গৈছে৷ সেই সকলে এই বিশ্ব ব্ৰহ্মাণ্ডৰ একোটা অংশ বিশেষ জীৱজগতৰ বৈচিত্ৰময় জীৱনধাৰা ত্ৰিজগত জিনি জন্মিছে আৰু ধৰাধামৰ পৰা নশ্বৰ দেহ ত্যাগ কৰিছে৷
ত্ৰিজগতৰ ভূলোক, ভৱলোক স্বলোক-ভূলোকত ব্ৰহ্মাণ্ডৰ সৃষ্টিৰো চাৰিমুঠি জীৱৰ বাসস্থান জীৱশ্ৰেষ্ঠ মানৱে নিজ কৰ্ম ন্যায়নিষ্ঠা সততা একাগ্ৰতা মাজেদি যৌথ পৰিয়ালৰ মাজত বসবাস কৰি সু-খ্যাতিৰে কৰ্মময় জীৱন অতিবাহিত কৰিলে, সঁচাই তেখেতলোক ধন্য৷
আমাৰ আত্ম প্ৰত্যয়েৰে এটি কথা উল্লেখ কৰিব বিচাৰিছো, প্ৰয়াত বৰগোহাঁইদেৱ এজন আপোনভোলা সৰল চিত্ৰ গুণগ্ৰাহী লোক আছিল৷ তেখেতৰ সহযোগী হিচাপে (Masters athletics federation of india) ২৫ সংখ্যক ২০১৬ বৰ্ষত চিলাপথাৰ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ, ২০১৭ চনত চ্ছ সংখ্যক বঙাইগাঁৱত ২৭, ২৮, ২৯ আৰু ৩০ ডিচেম্বৰ ক্ৰমাগত ভাৱে ৩৯ সংখ্যক ২০১৮ বৰ্ষত বাঙ্গালোৰত ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈকে কান্তিৰাভা খেলপথাৰত থকা সময়ত সকলো দিশতে তেখেতৰ সংগী হিচাপে থকা সময়ত বিশেষ ভাৱে ২৩ ফেব্ৰুৱাৰী মহীশূৰ দৰ্শন আৰু বাঙ্গালোৰৰ বটানিকেল গাৰ্ডেনত শ-শ বছৰীয়া ডাঙৰ ডাঙৰ গছ সমূহৰ তলত বহি নান্দনিক শোভা বদ্ধৰ্নৰ দৃশ্য সমূহে মানসিক পটত ভাঁহি অহা দৃশ্যৰাজি তেখেতৰ সান্নিধ্যই পুনৰবাৰ এক আত্মিক সমন্বয়ৰ বান্ধোনে অনাদি অনন্ত কাললৈ বান্ধ খাই থাকিব৷
ভাগি গ’ল বীনখনি ছিগি গ’ল তাঁৰ
ৰৈ গ’ল অৱশেষ অমিয়া ঝংকাৰ৷
জন্ম মানেই এদিন মৃত্যু৷ মৃত্যু অপৰাজয়৷ ১৯৫০ চনৰ ১১ নবেম্বৰত জন্ম গ্ৰহণ কৰি ২০২১ বৰ্ষৰ ২০ অক্টোবৰত মৃত্যুক আকোঁৱালি লৈ তেৰাৰ আত্মাই পৰলোক গামী গৈছে৷ য’তেই নাথকক কিয় তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক৷ তাকেই কামনা কৰি শ্ৰীময় শ্ৰীহৰিৰ চৰণত প্ৰাৰ্থনা জনালোঁ৷