শ্ৰদ্ধাঞ্জলি
মাধুৰিমা গগৈ
তাৱৈদেউ মোৰ দেউতাৰ বন্ধু হোৱাৰ উপৰিও মোৰ বান্ধৱী ত্ৰিবেণীৰ দেউতা৷ দুয়োটা সম্পৰ্কৰ সূত্ৰে আমাৰ দুয়োখন ঘৰৰ মাজত সম্পৰ্কও অতি ঘৰুৱা আৰু তাৱৈদেউক একেবাৰে ওচৰৰ পৰা পাইছিলো৷
তাৱৈদেউৱে মোৰ পঢ়া-শুনা নিয়মিত খবৰ ৰাখিছিল৷ মোৰ এতিয়াও মনত আছে, ক্লাছ নাইনৰপৰা টেনলৈ মোৰ ৰিজাল্ট ভবাতকৈ বেয়া হৈছিল৷ ৰিজাল্ট দিয়াৰ পিছদিনাই তাৱৈদেউ আমাৰ ঘৰ ওলাইছিলগৈ আৰু মোক বহুত বুজাইছিল, উৎসাহভৰা কথা কৈছিল যিয়ে মোক বহুত সাহস যোগাইছিল৷ পাছলৈও বিভিন্ন সময়ত তেখেতে দিহা-পৰামৰ্শ দি সহায় কৰিছিল৷
তেওঁলোকৰ ঘৰখন মোৰ দ্বিতীয়খন ঘৰৰ দৰে, অবাধ আহ-যাহ৷ কেতিয়াবা অলপ দিনৰ কাৰণে যাব নোৱাৰিলে তাৱৈদেউৱে খবৰ লোৱা আৰম্ভ কৰিছিল “মাধুৰীমা কিয় অহা নাই” বুলি৷
ত্ৰিবেণীৰ লগত বন্ধুত্বৰ আৰম্ভণিৰপৰাই তাৱৈদেউৰ বেমাৰৰ লগতো চিনাকী হৈছিলো৷ তেখেত দীৰ্ঘদিন ধৰি ডায়েবেটিছত ভুগি আছিল৷ আমি মেিট্ৰক দিয়া সময়ত তেখেতৰ আৰু এটা সমস্যাৰ সৈতে পৰিচয় হ’লো৷ মাজে মাজে চুগাৰ লেভেল বহুত বাঢ়ি যায়, অলপ দিনৰ পাছত ঠিক হৈ যায়৷ কেতিয়াবা হস্পিতেলতো ভত্তিৰ্ হ’ব লগা হয়৷ এইবাৰো যেতিয়া হস্পিতেলত ভৰ্তি হোৱাৰ খবৰটো ত্ৰিবেণীয়ে দিছিল, বাৰে বাৰে তাইক কৈছিলো তাৱৈদেউৱে ইমান বছৰ যুঁজি আহিছে, এইবাৰো যুঁজিব আৰু ভাল হৈ আহিব, চিন্তা নকৰিবি৷ কিন্তু আগৰদৰে কথাবোৰ নহ’ল, তাৱৈদেউ ভাল হৈ ঘূৰি নাহিল৷ জগতৰ কঠোৰতম সত্য “মৃত্যু”ক স্বীকাৰ কৰি এখন অচিন জগতলৈ তাৱৈদেউ গুচি গ’ল৷ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, তেখেত য’তেই আছে শান্তি লাভ কৰক৷