প্ৰবোধ চন্দ্ৰ বৰগোহাঁই ছাৰৰ স্মৃতিত
জিতু দত্ত
মোৰ শিক্ষাগুৰু ঁ প্ৰবোধ চন্দ্ৰ বৰগোহাঁই ছাৰ, এক নিজা দৃষ্টিভংগী আৰু চিন্তাধাৰাৰে তথা নিজস্ব শৈলীৰে নিজৰ মনৰ চিন্তনক প্ৰকাশ কৰি ঢকুৱাখনা অঞ্চলত শিক্ষা, সমাজ গঢ়াত খ্যাতি লাভ কৰিছিল৷ তেখেত ঢকুৱাখনাৰ সমাজ জীৱনৰ লগত সদায়েই জড়িত আছিল আৰু সাহিত্যৰ নীৰব সাধক আৰু গ্ৰন্থপ্ৰিয় ব্যক্তি আছিল৷ মেগামিক্স প্ৰকৃতি সংঘ, চন্দ্ৰশেখৰ অধ্যয়ণ চক্ৰ ও পুথিভৰাঁল আৰু ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সংস্থাকে ধৰি অঞ্চলটোৰ বহুতো সামাজিক সংগঠনৰ লগত জড়িত হৈ সমাজ সেৱাত ব্ৰতী হৈ আছিল৷ এজন অধ্যয়নপিপাসু আৰু ক্ৰীড়াৰ লগত জড়িত আছিল বৰগোহাঁই চাৰ৷ অসম সাহিত্য সভাৰ আজীৱন সভ্য মোৰ শিক্ষাগুৰু বৰগোহাঁই চাৰে মই ঢকুৱাখনা শাখা সাহিত্য সভা, ঢকুৱাখনা কবি সমাজ আৰু লখিমপুৰ জিলা পক্ষী সুৰক্ষা সমিতিৰ সম্পাদক হৈ ব্ৰতী থাকোঁতে আৰ্থিক আৰু কায়িক ভাৱে সদায়েই পৰামৰ্শ দিছিল৷ মই সাহিত্যও সংবাদসেৱাৰ লগত জড়িত হৈ থকাৰ বাবে ছাৰে যথেষ্ট উৎসাহিত কৰিছিল৷ ১৯৯০ চনত ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা সময়চোৱাত মোৰ যি সকল আটাইতকৈ প্ৰিয় শিক্ষাগুৰু আছিল সেইসকলৰ মাজত অন্যতম আছিল বৰগোহাঁই চাৰ৷ তেখেত আছিল এজন সহজ-সৰল, মৃদুভাষীও ব্যক্তিত্ব সম্পন্ন নিষ্ঠাৱান শিক্ষক৷ আমি বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত চাৰে আমাক অতি মৰমেৰে পাঠদান কৰিছিল আৰু সদায়ে ন-ন কথা শিকাইছিল৷ দশম শ্ৰেণী [ক শাখাত] চাৰ আৰু স্বগ¹য় দিবাকৰ বৰা চাৰে পাঠদান কৰা আজিও সজীৱ হৈ আছে৷ সেই সময়ৰ বিদ্যালয়ৰ অধ্যক্ষ স্বগ¹য় উপেন্দ্ৰ নাথ অয়েঙীয়া, উপাধ্যক্ষ স্বৰ্গীয় লক্ষী নাথ দত্ত ছাৰৰ অনুশাসন আৰু মৰমেৰে আমাক উৎসাহিত কৰিছিল৷ ১৯৯২ চনৰ আমাৰ সতীৰ্থসকল ক্ৰীড়া, সাহিত্য, সংবাদ, সাংস্কৃতিক আদি দিশত আগৰণুৱা আছিল৷ তেতিয়া শিক্ষাগুৰু সকলক ভয় কৰিছিলো আৰু আমাক উৎসাহিত কৰিছিল৷ শিক্ষাগুৰু সকলৰ আশীৰ্বাদ, অনুশাসনে আমাৰ জীৱনৰ বুনিয়াদ গঢ়িবলৈ শিকাইছিল৷ বিদ্যালয়ত পঢ়ি থকা অৱস্থাত “জ্ঞান-বিজ্ঞান চৰ্চা” কেন্দ্ৰ স্থাপন কৰাত তৰুণ শৰ্মা ছাৰ, বৰগোহাঁই ছাৰৰ অৰিহণা আজিও মনত পৰে৷ নৱম শ্ৰেণীত ঐচ্ছিক গণিত পঢ়োৱা ধ্ৰুৱজ্যোতি ভূঞা ছাৰ বগা চোলা, কাঢ়া ইস্ত্ৰি কৰা পোচাকে আমাক উৎসাহিত কৰে৷ চাৰিগৰাকী কন্যা আৰু এজন পুত্ৰক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি দুগৰাকী [জী] চাকৰি কৰ্ম্ম সংস্থাপনৰ দিহা লগাই জীৱিত কালতে কৰি দিব পৰটো ছাৰৰ এটি বিশেষ কৃতিত্ব৷
জাতিৰ কল্যাণৰ হ’কে একোটা একোটা মহৎ জীৱন উত্তৰ পুৰুষৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস৷ ভাষা-সাহিত্য-সংস্কৃতিৰ সুবিশাল পথাৰখনত জীৱনজোৰা সাধনা আৰু ঐকান্তিকতাৰে ৰোপন কৰি অহা সৃষ্টিৰ সোণালী শইচৰ সৌৰভ আৰু সুগন্ধিয়ে সদায়েই আনে পূৰ্ণতাৰ বতৰা৷ ছাৰৰ বাইদেউ,, ডাঙৰ জী গীতাৰ্থী, পুত্ৰ প্ৰাণকৃষ্ণ লেখক ও সুবক্তা৷ ছাৰেও লেখা-মেলা কৰিছিল৷ আমি ১৯৯২ চনত পঢ়ি থকা সহপাঠীসকলে বিদ্যালয়ত এটি পুথিভৰাঁল নিৰ্মাণ কৰি অহা ডিচেম্বৰ মাহত উদ্বোধন কৰা কথা আছিল৷ পুথিভৰাঁলৰ আধাৰশিলা শুভ উদ্বোধন কৰা দিনা ছাৰে কোৱা কথা কেইটাই আজিও মনত পৰিছে৷ ছাৰে লখিমপুৰ জিলাৰ কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত হৈছিল৷ ছাৰ, আপোনাৰ স্মৃতি আমাৰ মানস পটত সদায়ে সজীৱ হৈ থাকিব৷ সদায়েই মোক লগ পালে দেউতা মা আৰু ঘৰৰ বিষয়ে সুধে৷ দেউতাৰ [বিদ্যা দত্ত] সৈতে অসমৰ বিভিন্ন ঠাইত খেলিবলৈ গৈছিল ছাৰে৷ শিক্ষক হিচাপে ছাৰে শ্ৰেণীকোঠাত হাজাৰ-বিজাৰ ছাত্ৰক যি পুথিগত শিক্ষা দি গ’ল তাতকৈ বহুগুণে মূল্যৱান শিক্ষা দি গ’ল নিজৰ জীৱনেৰে, কৰ্ম্মৰ আদৰ্শৰে৷ ছাৰৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক৷