জ্ঞানযোগী প্ৰবোধ বৰগোহাঁইদেৱৰ স্মৃতিত...

জয়চন্দ্ৰ হাজৰিকা

শ্ৰেয়ো হি, জ্ঞানমভ্যাসাজজ্ঞানাদ্ব্যানং ৱিশিষ্যতে৷

ধ্যানাৎ কৰ্মফলত্যাগস্ত্যাগাচ্ছান্তিবনন্তৰম্৷৷

[১২৷৷ ভক্তিযোগ৷৷ গীতা]


প্ৰবোধ৷ নামটো শুনিলেই মনলৈ এটা গভীৰ ভাব আহি যায়৷ প্ৰবোধ মানে জ্ঞান বা বুজনি৷ সঁচাকৈ চাৰক দেখিলে মনলৈ এনে এটা ভাব আহে যেন নামটো তেখেতৰ ব্যক্তিত্বৰ বহিৰ্প্ৰকাশ৷ তেখেতৰ মুখৰ অভিব্যক্তি, শৰীৰৰ অবয়ব, চাল-চলন আনকি মাত-কথাতো তেনে এক প্ৰবোধ প্ৰকাশ পায়৷ তেনে গহীন, গুৰু-গম্ভীৰ ব্যক্তি সঁচাই যেন শিক্ষকৰ প্ৰকৃষ্ট ৰূপ৷ অজানিতে চাৰলৈ এক ভক্তি ভাব আৰু বিনম্ৰ শ্ৰদ্ধা ওপজে৷ চাৰলৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ৷


প্ৰথম যিদিনা চাৰক আমাৰ শিক্ষাগুৰুৰূপে পাইছিলো, সেই দিনাই মোক চাৰৰ ওপৰোক্ত গুণসমূহ আকৃষ্ট কৰি পেলাইছিল৷ আমি হাইস্কুলৰ মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা বছৰতে চাৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিকত শিক্ষকৰূপে নিযুক্তি পাইছিল৷ আমি চাৰৰ ক্লাছ পোৱা নাছিলো৷ তৎস্বত্বেও চাৰৰ বিমল, শান্ত-সমাহিত ব্যক্তিত্বই মোক ৰেখাপাত কৰিছিল৷ অন্য শিক্ষাগুৰুসকলৰ প্ৰতি অলপো শ্ৰদ্ধাৰ হীন-ডেৰি নকৰাকৈ মই এই কথা অকপটে খোজো যে, চাৰৰ দৰে শিক্ষক যেন সেই সময়ত দুৰ্লভ আছিল৷ অনুচ্ছ কণ্ঠৰ চাৰৰ তে সামান্য বাৰ্তালাপ পাবলৈ মই সদায় বাট চাই ৰৈছিলো৷ মই বিস্ময়াভিভূত হৈছিলো চাৰৰ এইষাৰ কথাতঃতুমি আমাৰ ঘৰলৈ দেউতাক বিচাৰি এদিন গৈছিলা? তোমাৰ নামেই জয়চন্দ্ৰ নেকি?মই আচৰিত সেইয়া মই অষ্টমমানত থাকোতে আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰয়াত গণনাথ বৰগোহাঁইদেৱক মোৰ বছেৰেকীয়া পৰীক্ষাৰ পাছত সেৱা কৰিবলৈ যোৱা দিনাৰ কথা৷ শ্ৰদ্ধাৰ গণনাথ গোহাঁই চাৰে আমাক অসমীয়া পঢ়ায়৷ মই অসমীয়াত সৰ্বেবাচ্চ নম্বৰ পোৱা বাবে চাৰক লগ ধৰি শ্ৰদ্ধা জনাবলৈ গৈছিলো৷

হাইস্কুল এৰি অহাৰ পিছত চাৰক বৰ কমকৈ লগ পাইছিলো৷ কিন্তু, তে লগ পাওঁ, চাৰৰ দৃষ্টিৰ পৰা সাৰি নাযাওঁ৷ চাৰে মুখখন দুপিয়াই চাই যায়৷ চাৰ ভালনেঞ্জ এটা মৃদু হাঁহি৷ 

চাৰৰ বহুমুখী চিন্তাদৰ্শই পিছৰ সময়ত ঢকুৱাখনাৰ শৈক্ষিক তথা সামাজিক জীৱনত এক গতি দিছিল৷ শিক্ষকতাৰ লগতে পিছৰ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে তেখেতে দেহেকেহে খাটিছিল৷ ঢকুৱাখনা আগশাৰীৰ এন.জি.মেগামিক্স প্ৰকৃতি সংঘৰ লগত প্ৰথমৰ পৰাই তেখেত জড়িত আছিল৷ মেগামিক্স প্ৰকৃতি সংঘৰ কাৰ্যালয়ৰ কাষতে থকা চৰকাৰী ভূমি বিচাৰি উলিয়াই চন্দ্ৰশেখৰ অধ্যয়ন কেন্দ্ৰ আৰু পুথিভৰাঁলত প্ৰতিষ্ঠা কৰিলে৷ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত বৌদ্ধিক প্ৰতিভা বিকাশৰ বাবে বিভিন্ন কুইজ আদি প্ৰতিযোগিতা পাতিছিল৷ চন্দ্ৰশেখৰ অধ্যয়ন কেন্দ্ৰ  আৰু পুথিভৰাঁলত প্ৰতিষ্ঠাপক সভাপতি হিচাবে সম্পাদক শ্ৰী অৰূপম দাসৰ সৈতে এখন সমিতি পাতি অনষ্ঠানটিৰ গৃহ নিৰ্মাণ আৰু পুথিভঁৰালত পুথি সংগ্ৰহৰ কামত জড়িত হৈ তেখেতে যি ত্যাগ আৰু মহান আদৰ্শ ডাঙি ধৰিলে তাক আক্ষৰিক অৰ্থত এক জাগৰণ আন্দোলন বুলিবও পাৰি৷ কাৰণ, অধ্যয়ন পিপাসু গোহাঁইছাৰে ঢকুৱাখনাৰ বৌদ্ধিক জাগৰণত পথিভঁৰালৰ অনস্বীকাৰ্যতা এইদৰেই পুনঃ জাগৃত কৰি তুলিছিল৷ মেগামিক্স সংঘৰ প্ৰতিষ্ঠাকাল ১৯৯৩ চনৰ পৰা তেখেতে সংঘৰ উপদেষ্টা আদি পদবীত থাকি কৰ্ম্মীসকলক উৎসাহিত কৰি তুলিছিল৷ প্ৰকৃতি সংঘৰ প্ৰতিষ্ঠাপক সমন্বয়ক শ্ৰীযুত দেৱজিৎ ফুকনে অতি কৃতজ্ঞচিত্তে চাৰক স্মৰণ কৰে৷

গোহাঁই চাৰে শিক্ষকতাক পবিত্ৰ বৃত্তি হিচাবে গ্ৰহণ কৰিছিল৷ শিক্ষকতাত আঘাত হানিব পৰা কোনো কাম তেখেতে নকৰিছিল৷ ছাত্ৰসকলৰ অতি প্ৰিয়ভাজন চাৰৰ আছিল এটা সন্তান বৎসল প্ৰেম৷ অৱসৰ গ্ৰহণৰ পাছতো তেখেতে শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক সদস্য হিচাবে মৃত্যু অবধি নিকেতনখনৰ বিকাশৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ তেওঁৰ পুত্ৰ নিকেতনৰ কৃতী ছাত্ৰ শ্ৰীমান প্ৰাণকৃষ্ণ বৰগোহাঁই আছিল যোগ্য পিতৃৰ যোগ্য সন্তান৷ পিতৃৰ বিয়োগত বৰ্তমানো অধ্যয়নৰত তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ গৱেষক ছাত্ৰ প্ৰাণকৃষ্ণ আছিল অত্যন্ত সুবক্তা৷ গোহাঁই চাৰৰ যত্নতে স্পকেন ইংলিছৰ প্ৰশিক্ষণ কেন্দ্ৰ এটিও গঢ় লৈ উঠিছিল৷ চাৰৰ চাৰিগৰাকী দুহিতা উপযুক্ত শিক্ষাৰে শিক্ষিতা৷ বৰজী গীতাৰ্থী ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা৷ অন্য সকলো সু-পাত্ৰত বিবাহিতা৷ সহধৰ্ম্মিনী বাইদেউ এগৰাকী সফল মাতৃ৷

চাৰৰ পুণ্যস্মৃতিত অন্তৰৰ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ।

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ