তাৱৈদেউ

 জয়শ্ৰী বুঢ়াগোহাঁই

তাৱৈদেউৰ মৃত্যুৰ খবৰটো মোৰ বাবে সঁচাকৈয়ে অপ্ৰত্যাশিত৷ এই সত্যটো মানি বলৈ মোৰ বহু সময় লাগিছিল৷ আজি প্ৰায় এমাহ মানৰ আগতে তাৱৈদেউৰ লগত ফোনত কথা পাতিছিলো৷ ঘৰলৈ লে তাৱৈদেৱৰ লগত এইবাৰ একেলগে বহি বহু কথা পতাৰ কথা আছিল৷ তাৱৈদেউৱে যেন মোক বহু কিবা কিবি খুজিছিল... যি কথা শুনাৰ সুযোগ মই হেৰুৱাই পেলাইছো চিৰদিনৰ বাবে৷

বুজিব পৰা হোৱাৰ পৰা আমাৰ ঘৰখনৰ লগত আপোন বুলি যিমানবোৰ মানুহক বুজিছিলো তাৰ ভিতৰত আমাৰ বাবে অতি আপোন আছিল তাৱৈদেউ আৰু আমৈদেউ৷ শৈশৱকালৰে পৰা তাৱৈদেউৰ লগত মোৰ ইমান স্মৃতি জড়িত হৈ আছে যে তাৱৈদেউ আজি নাই বুলি বুজি উঠাৰ মোৰ যি উপলব্ধি সেই উপলব্ধিয়ে মোক এক বেলেগ ধৰণৰ কষ্ট দিছে৷ তাৱৈদেউৱে মোক সদায় নিজৰ জীয়েকৰ দৰে জ্ঞান কৰিছিল৷ তাৱৈদেউৰ জীৱনৰ বহু কথাই মোৰ লগত জীয়েকৰ দৰে আলোচনা কৰিছিল৷ মই ঘৰলৈ লেই প্ৰায় পিছদিনাই মোক লগ পাবলৈ আমাৰ ঘৰলৈ আহিছিল৷ তাৱৈদেউৰ মোৰ প্ৰতি থকা এক বিশেষ সুকীয়া মৰমৰ বাবেই হয়তো তাৱৈদেউকো মই নিজৰ দেউতাৰ দৰেই ভাল পাইছিলো৷ তাৱৈদেউৰ বিষয়ে ভাবিলে মই তাৱৈদেউৰ গাত দেখা গুণবোৰৰ ভিতৰত প্ৰথমেই মনলৈ আহে তাৱৈদেউৰ মানুহৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰা গুণৰ কথা৷ মই স্কুলত পঢ়ি থকা দিনৰে পৰা দেখিছিলো মোৰ মা- পাপাৰ লগত বন্ধু সূত্ৰে তাৱৈদেউৱে প্ৰায় প্ৰতিটো হাগ বিহুতে মা-পাপালৈ ধুনীয়া ধুনীয়া গ্ৰীটিংছ কাৰ্ড আনি উপহাৰ দিছিল৷ আমাৰ ঘৰত কিবা সমস্যা লে প্ৰথমে দৌৰি অহা মানুহ দুগৰাকীয়েই হৈছে তাৱৈদেউ আৰু আমৈদেউ৷ তাৱৈদেউৰ আমাৰ প্ৰতি থকা নিভাঁজ মৰম, ভালপোৱা আৰু আন্তৰিকতাই মোক সঁচাকৈয়ে বহু সময়ত গভীৰভাৱে আবেগিক কৰি পেলায়৷ শাৰীৰিক অসুস্থতা সত্ত্বেও মোৰ ছোৱালীৰ অন্নপ্ৰাসন বুলি লখিমপুৰলৈ দিনটোৰ বাবে অহা, গুৱাহাটীলৈ আহিলে মোৰ খবৰ এটা লৈ যাওঁ বুলি গুৱাহাটীৰ ঘৰত সোমাই যোৱা তাৱৈদেউৰ এই আন্তৰিকতা পাহৰাটো সঁচাকৈয়ে অসম্ভৱ৷ আজি তাৱৈদেউৰ বিষয়ে লিখিবলৈ বহি মোৰ মনত পৰিছে স্কুলৰ গৰম বন্ধৰ দুপৰীয়াবোৰত তাৱৈদেউৱে চাইকেল চলাই ঘামি জামি বাৰীৰ পকা আম, কঁঠাল আদৰেৰে মোনাত ভৰাই আমাক গোটেইকেইজনী বাই-ভনীক খাবলৈ দি থৈ যায়হি৷ আমাৰ লগত বহি তাৱৈদেউৱে কিমান যে ৰসাল কথা পাতে৷ বিভিন্ন কিতাপৰ কথা কয়৷ মোক আগলৈ ডাঙৰ মানুহ লাগিব বুলি প্ৰেৰণা দিয়ে৷ তাৱৈদেউৰ আন এক অতি প্ৰশংসনীয় গুণ আছিল আনক প্ৰশংসা কৰিব পৰা গুণ৷ সঠিক প্ৰশংসাৰে কেনেকৈ আনক প্ৰেৰণা দিব লাগে কেই কথা তাৱৈদেউৱে জানিছিল৷ কাৰোৰে অনিষ্ট নকৰা, কাৰোৰে বিষয়ে বেয়াকৈ নভবা তাৱৈদেউৱে যেন এখন সুকীয়া সৰল পৃথিৱী সৃষ্টি কৰি লৈছিল৷ তাৱৈদেউৰ আছিল এক শান্ত, সমাহিত ব্যক্তিত্ব৷ তাৱৈদেউৰ খং উঠা মই আজিলৈকে নেদেখিলো৷ বৰ চিৰিয়াছ মানুহ আছিল তাৱৈদেউ৷ আনক সহায় কৰি ভাল পোৱা তাৱৈদেউৰ মনটো আছিল সঁচা অৰ্থতেই সৰল৷

দীৰ্ঘদিন ধৰি ডায়বেটিছ ৰোগত ভুগি থকা তাৱৈদেউৱে ডায়বেটিছ ৰোগৰ লগত যুঁজিবলৈ এক সাংঘাটিক ধৰণৰ পৰিশীলিত জীৱন কটাইছিল৷ তাৱৈদেউৰ আত্মসংযম দেখি মই আচৰিত খাইছিলো৷ এই কঠিন আত্মসংযমক তাৱৈদেউৱে জয় কৰিছিল৷ যদিও তাৱৈদেউক আমি বহু বছৰলৈ পাই থাকিব লাগিছিল কিন্তু মৃত্যুৰ দিনটোলৈকে তাৱৈদেউক প্ৰতি মুহূৰ্তত যত্নৰে শাৰীৰিক অসুস্থতাৰ মাজতো সজীৱ কৰি ৰখাৰ সম্পূৰ্ণ স্বীকৃতি কিন্তু আমৈদেউৰ৷

তাৱৈদেউ, আপুনি আমাৰ মাজত যদিও আজি নাই আপোনাক পাহৰাটো অসম্ভৱ৷ আপুনি, আমৈদেউ আমাৰ পৰিয়ালৰ একোজন সদস্যৰ দৰে৷ নিজৰ ঘৰৰ আপোন সদস্য এজনক পাহৰি থকাটো জানো সম্ভৱ৷ আপুনি তেই নাথাকক কিয় কুশলে থাকক৷ আপোনাৰ তে আমি ইমানদিনে যি এক আত্মিক সাঁকো গঢ়ি তুলিছিলো সেই সাঁকোৰে গৈ আপোনাক বিচাৰি পোৱাটো আমাৰ বাবে জটিল কথা নহয়৷ ভাল মানুহৰ সৌৰভ কেতিয়াও শেষ হৈ নাযায়৷ তাৱৈদেউ, আপোনাৰ মৰম, ভালপোৱা, আন্তৰিকতাই মোক চিৰদিনৰ বাবে মিয়ম্ৰান কৰি ৰাখিব৷ মোক প্ৰায়ে কৈ থকা, মোক লৈ আপুনি দেউতাকৰ দৰে দেখা সপোনবোৰ পূৰণ কৰিবলৈ মই সদায় চেষ্টা কৰি যাম তাৱৈদেউ৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ