প্ৰয়াত প্ৰবোধ ককাইদেউৰ পুণ্যস্মৃতিত

পৰম শংকৰ দত্ত


সৰু সৰু মাতে কথা কোৱা, সহজ-সৰল-অমায়িক, যুক্তি-তৰ্কত অচল-অটল প্ৰয়াত প্ৰবোধ ককাইদেউৰ সান্নিধ্যলৈ আহি ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত একেলগে প্ৰায় ২০ [বিশ] বছৰ কাম কৰাৰ সৌভাগ্য ঘটিছিল৷ তেখেত আমাতকৈ প্ৰায়  ৪ [চাৰি] বছৰ অগ্ৰজ৷ 

বিদ্যালয়ৰ জিৰণি কোঠাৰ আলোচনাবোৰত, বিদ্যায়তনিক ক্ষেত্ৰত, ছাত্ৰ একতা সভাৰ বৈঠকবিলাকত বিভিন্ন বিষয়ৰ তত্বগধুৰ আলোচনাত তেখেতৰ বিষয়-বস্তুৰ ওপৰত থকা দখলে আমাক আকৃষ্ট কৰিছিল৷ বহুতো নজনা কথা জানিব পাৰিছিলো৷ ছাত্ৰ-ছাত্ৰীক বুজাব পৰাকৈ সেইফেৰা জ্ঞানে আমাক যথেষ্ট সহায় কৰিছিল৷

বিভিন্ন সামাজিক-প্ৰতিষ্ঠানৰ লগত জড়িত এইগৰাকী বহুমুখী প্ৰতিভাধৰ ব্যক্তিৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা পুণ্যস্মৃতিত যৎকিঞ্চিৎ সুঁৱৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ