প্ৰয়াত প্ৰবোধ বৰগোহাঁই চাৰলৈ শ্ৰদ্ধাঞ্জলি

 ৰাজেন্দ্ৰ প্ৰসাদ গগৈ


বিখ্যাত সাংবাদিক হোমেন বৰগোহাঁই আৰু এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দায়িত্ব ভাৰ গ্ৰহণ কৰা প্ৰাক্তন সভাপতি অমৃত বৰগোহাঁই বংশধৰ প্ৰবোধ বৰগোহাঁইদেৱ যোৱা ইং ২০ অক্টোবৰ, ২০২১ তাৰিখ বুধবাৰে ছাৰৰ পৰলোকগামী হোৱা খবৰটো পাই মৰ্মাহত লো৷ কিছু দিনৰ আগতে তেখেতৰ নিজ গৃহত ঢকুৱাখনা শাখা সাহিত্য সভা আৰু উদয়ন সংঘৰ বিষয়ববীয়া লগত চাহ-তামোল খাই মিলিত হৈছিলো৷ ঢকুৱাখনাবাসীৰ লগতে গোহাঁই চাৰে আশা ৰাখিছিল যাতে সোনকালে ঢকুৱাখনাত অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশন অনুষ্ঠিত কৰিব পৰা যায়৷ ঢকুৱাখনা শাখা সাহিত্য সভাক উদয়ন সংঘটি ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল৷ হঠাৎ তেখেতৰ মৃত্যুৰ খবৰ পোৱাত অবাক হৈ লো৷

ঢকুৱাখনা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল৷ অসম সাহিত্য সভা আজীৱন সভ্য, উদয়ন সংঘ সভাপতি, হেনৰিক নাট্যগোষ্ঠীৰ বিষয়ববীয়া, কৃতী শিক্ষক, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ সন্থাক দিহা-পৰামৰ্শ দি উৎসাহিত দি সহযোগিতা কৰা শান্ত-শিষ্ট-পুষ্ট, ঠাণ্ডা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত সমাজ প্ৰিয় অতি কোমল মনৰ শিক্ষাগুৰু জনৰ মৃত্যুত গভীৰ ভাৱে শোক প্ৰকাশ কৰি, তেখেতৰ বিদেহী আত্মাৰ সদ্গতি অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ দুখৰ সমভাগি হৈ আন্তৰিকভাবে সমবেদনা জনালোঁ৷

ঔম শান্তি, শান্তি, শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ