কৃতী শিক্ষক প্ৰয়াত প্ৰবোধ বৰগোহাঁইৰ সোঁৱৰণত

ভোলা নাথ গগৈ


জন্ম, মৃত্যু আৰু বিবাহত যে কাৰোৱে হাত নাই সেই কথা পুনৰবাৰ প্ৰমাণ কৰি ল৷ আমাৰ ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এজন নিষ্ঠাবান কৰ্মী, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক তথা সমাজকৰ্মী আমাৰ সকলোৰে অতিকৈ প্ৰিয় প্ৰবোধ বৰগোঁহাই আকস্মিকভাৱে হঠাৎ অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় আদিত্য নাছিংহোমত ভৰ্তি কৰা ল৷ কিন্তু সকলো চিকিৎসা বিফল ল৷ আয়ুসত চাউল নাথাকিলে যিকোনো চিকিৎসাই যে সফল নহয় প্ৰবোধ বৰগোহাঁই মৃত্যুৱে তাকে যেন পুনৰবাৰ সোঁৱৰাই থৈ ল৷ মৃত্যু এক চিৰন্তন সত্য৷ এই কথা মানিও আপোনজনৰ মৃত্যুত আমি ব্যথিত হওঁ৷ শোকত বিহ্বল হওঁ৷ হোৱাটোৱে স্বাভাৱিক৷ এইয়া যে এক মানবীয় আবেগ অনুভূতি৷ এই আবেগ অনুভূতি অবিহনে আমি দেখোন যন্তব্য হৈ পৰিম৷ 

প্ৰয়াত প্ৰবোধ বৰগোহাঁই অত্যন্ত মেধাবী ছাত্ৰ আছিল৷ জানিব পৰা মতে ১৯৬২ চনত ঢকুৱাখনা মজলীয়া বিদ্যালয়ৰ পৰা বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈ লক্ষীমপুৰ জিলাৰ ভিতৰত প্ৰথম আৰু সমগ্ৰ অসমৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিছিল৷ তেখেতে বি.. পাছ কৰাৰ পাছত ১৯৭৩ চনত লখিমপুৰ কলেজিয়েট হাইস্কুলত প্ৰথমে শিক্ষক জীৱনৰ পাতনি মেলে৷ শিক্ষকতা কৰা কালতে তেখেতে বি.টি. আৰু এল.টি. ডিগ্ৰী লাভ কৰে৷ ১৯৮২ চনত তেখেতে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি হৈ আহে৷ অতি নিষ্ঠা আৰু সততাৰে শিক্ষা দান কৰা বাবে ২০১০ চনত অসম চৰকাৰৰ পৰা জিলা কৃতী শিক্ষকৰ দৰে সন্মানীয় বঁটা লাভ কৰে আৰু উক্ত বছৰৰ নৱেম্বৰ মাহত সফলতাৰে অৱসৰ গ্ৰহণ কৰে৷ 

শিক্ষকতাৰ উপৰিও তেখেত আছিল শান্ত, সম্য, ধীৰ-স্থিৰ প্ৰকৃতিৰ এজন সামাজিক ভাবে দায়বদ্ধ ভদ্ৰলোক৷ মেগামিক্স প্ৰগতি সংঘ, উদয়ন সংঘ আৰু চন্দ্ৰ শেখৰ অধ্যয়ণ চক্ৰ, অসম বিজ্ঞান সমিতি, ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয় স্থাপন, ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন আৰু ঢকুৱাখনা বালিকা হাইস্কুল স্থাপন কৰাৰ ক্ষেত্ৰত তেখেতে সক্ৰিয়ভাৱে জড়িত হৈ অশেষ বৰঙণি আগবঢ়াই গৈছে৷ ছাত্ৰাৱস্থাত তেখেত এই অভাজনতকৈ দুটা শ্ৰেণীৰ তলৰ হোৱা কাৰণে বিশেষ ভাৱে তেখেতৰ সান্নিধ্য লাভ কৰা নাছিলো৷ কিন্তু ২০১০ চনত তেখেতে অৱসৰ গ্ৰহণ কৰি ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্য পদ গ্ৰহণ কৰাৰ পাছত তেখেতক নিচেই কাষত পাবলৈ সক্ষম হৈছিলো৷ তেখেতক যি দায়িত্বই দিয়া হৈছিল সেই দায়িত্ব অতি নিষ্ঠা আৰু সততাৰে সম্পাদন কৰিছিল৷ ইংৰাজী নতুন বছৰৰ জানুৱাৰী মাহত প্ৰতিবছৰে প্ৰীতি ভোজৰ আয়োজন কৰা হৈছিল আৰু প্ৰতিবছৰেই তেখেতৰ সমীপৰ অঞ্চলত থকা জ্যেষ্ঠ নাগৰিক সকলৰ পৰা চান্দা সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল৷ তেখেতে এই দায়িত্ব অতি আগ্ৰহেৰে পালন কৰিছিল৷ ভিড পৰিস্থিতিৰ কাৰণে যোৱা দুটা বছৰ ধৰি আমি এই প্ৰীতিভোজৰ পৰা বিৰত থাকিব লগা হৈছে৷ ভিড পৰিস্থিতি উন্নতি লে নিশ্চয়কৈ পুনৰ প্ৰীতিভোজৰ আয়োজন ব৷ তেতিয়া নিশ্চয়কৈ  আমি তেখেতৰ অভাৱ-অনুভৱ কৰিম৷ ইয়াৰোপৰি বেংকৰ লেন-দেনত আমাৰ জ্যেষ্ঠ নাগৰিকসকল সন্মুখীন হৈ থকা বিভিন্ন সমস্যা আৰু তীব্ৰবেগী যান-বাহনৰ দৌৰাত্ম্যত তেখেত সততে অতীষ্ঠ হৈ পৰিছিল৷ এই সমস্যা সমূহ সমাধানৰ পথ বিচাৰি এই অভাজনৰ ঘৰলৈ আহি আলাপ-আলোচনা কৰিছিল৷ তেখেতৰ মৃত্যুৰ ২০-২৫ দিন মানৰ আগতে তেখেতে মোক ফোন কৰি কৈছিল-- “ঢকুৱাখনাত তীব্ৰ বেগী যান-বাহনৰ দৌৰাত্ম্য বাঢ়ি গৈছে৷ যাৰ কাৰণে ঘৰৰ মানুহে মোক পদূলি মূখলৈকো ওলাব নিদিয়ে৷ গতিকে কিবা এটা কৰক নিশ্চয়কৈ তেখেতৰ সমাজসচেনতাৰ পৰিচায়ক৷  মই অনুভৱ কৰো যেতিয়ালৈকে মদ্যপান কৰি গাড়ী চলোৱা আৰু যানবাহন আইন উলংঘা কৰি তীব্ৰগতিত যান-বাহন চলোৱা চালকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ আইন প্ৰৱৰ্তন নকৰে তেতিয়ালৈকে এই সমস্যা কদাপিও সমাধান নহয়৷ ভিডতকৈও ভয়াবহ এই যান-বাহনৰ দূৰ্ঘটনা৷ গতিকে কভিডৰ সমানে চৰকাৰে গুৰুত্ব দিয়ক তীব্ৰ বেগী যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত৷

অৱসৰৰ পাছত তেখেতে বোধকৰো ঢকুৱাখনা মেধাৱী বিদ্যাপীঠত কিছুদিন শিক্ষাদান কৰিছিল৷ তেখেতৰ এই মহান কৰ্মৰ প্ৰতি সন্মান জনাই মেধাবী বিদ্যাপীঠ কতৃৰ্পক্ষই তেখেতৰ স্মৃতিগ্ৰন্থখনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ কথা জানি নথৈ আনন্দিত আৰু সুখ অনুভৱ কৰিছোঁ৷ তেখেতলোকৰ এই মহানুভৱতাৰ প্ৰতি শ্ৰদ্ধাসহকাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ কাৰণ মই বিশ্বাস কৰো যোগ্যজনক যোগ্য সন্মান দিবলৈ জানিলেহে এখন দেশ, এটা জাতি, এটা অঞ্চল সঠিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হয়৷ তাৰোপৰি প্ৰয়াত প্ৰবোধ বৰগোহাঁই আছিল আমাৰ পৰম পূজনীয় শিক্ষাগুৰু স্বগ¹ গণনাথ গোহাঁইদেৱৰ মাজু পুত্ৰ৷ গোহাঁই চাৰৰ শুদ্ধ উচ্ছাৰণেৰে শ্ৰেণীত পাঠদান কৰা কথন ভঙ্গী আৰু যিকোনো সভাত সাৱলীল ভাবে দিয়া ভাষণ সমূহৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ এনে এজন সুযোগ্য পিতৃৰে সুযোগ্য সন্তান আছিল প্ৰয়াত প্ৰবোধ বৰগোহাঁই৷ পিতৃ হিচাপেও তেখেত আছিল এজন সফল পিতৃ৷ চাৰিজনী ছোৱালী আৰু একমাত্ৰ সন্তানক সু-শিক্ষাৰে শিক্ষিত কৰি প্ৰত্যেককে প্ৰকৃত মানুহ হিচাপে গঢ় দি গৈছে৷ 

শেষত অতি শ্ৰদ্ধাসহকাৰে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি সামৰণি মাৰিছোঁ৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ