গোহাঁইদাৰ সোঁৱৰণত একলম...
অপূৰ্বব শৰ্মা
মানুহৰ জীৱনটো স্থায়ী নহয়৷ স্থায়ী হৈ ৰয় কৰ্ম্ম আৰু আদৰ্শ৷ তেনে এজন ব্যক্তি শিক্ষাবিদ সমাজকৰ্মী ও আধ্যাত্মিক জ্ঞান সম্পন্ন ব্যক্তি মোৰ দাদা৷ চৰকাৰী চাকৰি সূত্ৰে কেইবছৰমান ঢকুৱাখনাত থকাৰ বাবে তেখেতৰ ভাড়াঘৰতে থাকি তেখেতৰ অন্তৰংগ বন্ধুৰ দৰেই দিনকেইটি অতিবাহিত কৰিছিলো৷ তেখেত যদিও মোতকৈ বয়সত জ্যেষ্ঠ তথাপিও মোক বন্ধুৰ দৰেই ভাবিছিল৷ বজাৰ কৰিবলৈ গলেও তেখেতে মোক মাতষাৰ লগাইহে ওলাই গৈছিল৷ অৱসৰৰ পাচত তেখেত প্ৰায়েই বাৰান্দাতে বহি বিভিন্ন আলোচনী, বাতৰি কাকত আদি পঢ়ি থকা দেখা পাইছিলো৷ তাৰ মাজতে ক’ৰবাৰ পৰা মই আহি দাদা বুলি সম্বোধন কৰিলে তেখেতে বহুত আনন্দ পাইছিল৷ মুঠতে তেখেতৰ অনুপস্থিতিত মই এজন দাদা ও এজন বন্ধু হেৰুৱালো৷ ভাম্যমান থিয়েটাৰ ও অন্যান্য নাটক আদি চাবৰ বাবে মোকহে তেখেতে প্ৰথমে লগ লৈছিল ময়ো তেখেতৰ সহযোগ আগবঢ়াইছিলো৷
উল্লেখযোগ্য যে তেখেতৰ চাৰিগৰাকী দুহিতা আৰু একমাত্ৰ পুত্ৰই মোক নিজৰ খুড়াৰ দৰেই শ্ৰদ্ধা আগবঢ়াইছিল৷ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক৷ এয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা৷