এজন মানুহ
বিপুল বৈশ্য
তুমি কি হ’ব বিচাৰিছিলা
প্ৰশ্ন কৰি চোৱা৷
যদি পক্ষী হোৱা আকাশত উৰি চোৱা
সুন্দৰ পৃথিৱীৰ সুন্দৰ পূজাৰী তুমি৷
অসুৰ পৰাক্ৰম বাহুৱলী দুৰ্ৱলতা
দেৱীৰ আশীৰ্বাদ লৈ...
আশাৰ টোপোলাই কয় বহুতো কথা৷
সেমেকি থকা চোতালখনত
এগছি চাকিৰ পোহৰত
তোমালোকক চিনাকি দিব এজন মানুহৰ কথা৷
নিশা ন বাজিছে৷ দেৱই [জোঁৱায়েক] মোক ক’লে দেউতা আৰু নাই৷ মনটোক বুজাব নোৱাৰি অস্থিৰ হৈ পৰিছো৷ যদিও মই তেখেতৰ ভাৰতীয়া এটা পৰিয়ালৰ দৰে বাস কৰিছিলো৷ ডিব্ৰুগড় নাছিং হোমত ভত্তিৰ্ কৰোৱা খবৰ পাই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছিলো৷ তেখেতে ভাল হৈ ঘূৰি আহি মোক ক’ব বিপুল তুমি বৰ ধৈৰ্যশীল মানুহ৷ মৃত্যু যে চিৰন্তন সত্য এইটো সঁচা কথা৷ কিন্তু মই মোক বুজাব নোৱাৰিছো যে মৃত্যু এয়া নেকি! সেই দিনা আছিল বুধবাৰ৷ ডিব্ৰুগড় নাৰ্ছিং হোমৰ পৰা উভতি আহিল তেখেতৰ নশ্বৰ দেহ৷ শুৱনি কোঠাত শুই থকাৰ দৰে চোতালতে এগচি চাকিৰ পোহৰত শুই পিছদিনা ৰাতি পুৱা চাৰি ব্ৰহ্ম কান্ধত উঠি শান্তিৰ ঢামলৈ যাত্ৰা কৰিলে তেখেতে...৷