বৰ্তাৰ স্মৃতিত

ইপ্সিতা দত্ত

আমাৰ ককা [সৰ্বেশ্বৰ সূত বৰুৱা] ওচৰত এজন ব্যক্তি বহি আছে৷ খুব লাহে লাহে কথাবোৰে কৈছে, কথাবোৰত এনে লাগিছে তেওঁলোক খুব অন্তৰংগ বন্ধু৷ 

অলপ পিছতেই মোক মাতি আনি প্ৰথম চিনাকি কৰাই দিছিলএইয়া বৰ্তা দেই, তোমালোকৰ নিকেতনৰ প্ৰাণকৃষ্ণ দাদাৰ দেউতাক এইয়া আছিল মই যেতিয়া নিকেতনত পঢ়ি আছিলো তেতিয়াৰ কথা৷ খোজত গহীন, কথাত গম্ভীৰ এজন হাঁহি মুখীয়া মানুহ তেওঁ [মোৰ দৃষ্টিত] মোৰ মনত আছে সূত সন্মিলন পাতিছিল তেতিয়া তেওঁ সেই সভাখনত আৰম্ভণিৰ পৰা শেষলৈ ইমান আগ্ৰহেৰে শুনিছিল প্ৰত্যেকজন বক্তাৰ ভাষণ৷ বৰমাৰ লগত মোৰ সম্পৰ্কটো মা-জীয়েকৰ দৰে, প্ৰায়ে আমি কথা পাতো তেতিয়া বৰ্তাৰ খবৰ লওঁ৷ কিছুসংখ্যক ব্যক্তিৰ ব্যক্তিত্ব ইমানেই অতুলনীয় আৰু আকৰ্ষণীয় হয় যে কিবা এটা প্ৰকাশ কৰাৰ আগতে বহু ভাবিব লাগে, তেনে ব্যক্তিৰ ভিতৰত বৰ্তা এজন৷ ...... সেই খবৰটো প্ৰথম মনত পৰিছিল শেষ বাৰৰ বাবে লগ পাই কৈছিল-- কৃষ্ণ ঢুকুৱা খবৰটো শুনি বৰ দুখ পালো মাজনী..... আৰু তেওঁ.. চিৰ সত্যক আমি নুই কৰিব নোৱাৰো৷ মানিবলৈ বাধ্য আমি৷ শেষত বৰ্তাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ৷

ঔম শান্তি, শান্তি, শান্তি৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ