বৰগোহাঁই ছাৰক সশ্ৰদ্ধ সোঁৱৰণ
অনুপম হাজৰিকা
মৃত্যু মানুহৰ চিৰন্তন সত্য যদিও কিছুমান মৃত্যুৱে মানুহৰ মনত বহু আঘাট দি যায় যাৰ মৃত্যুত সমাজৰ বহু অপূৰণীয় ক্ষতি হয় তেনেকুৱা মৃত্যু হ’ল আমাৰ বৰগোহাঁই ছাৰ৷
আজি এনেকুৱা এটা মুহূৰ্তত তেখেতৰ বিষয়ে লিখিবলৈ লোৱাত আৱেগিক হৈ পৰিছোঁ৷ যিদিন ধৰি লগ পাইছিলো ছাৰক সদায় হাঁহিমুখে থকা দেখিছিলোঁ৷ সমাজৰ যিকোনো পৰিস্থিতিত নিজকে সংযম কৰি সিদ্ধান্ত দিয়াৰ উদাহৰণ বৰগোহাঁই ছাৰ৷ সকলো কামতে সকলোকে সাহস দি উৎসাহ দি আগবঢ়াই লৈ যাব খুজিছিল উন্নতিৰ পথত৷ কৰ্মসূত্ৰে শিক্ষক আছিল যদিও বিদ্যালয়ৰ সকলো কাম নিয়াৰিকৈ কৰি সমাজৰ বহুত অনুষ্ঠান প্ৰতিষ্ঠানত ব্যস্ত আছিল ছাৰ৷ তেখেতৰ কৰ্তব্যপৰায়ণ আৰু দায়িত্ববোধ আছিল লেখত ল’বলগীয়া গুণ৷
বৰগোঁহাই ছাৰ সাধাৰণ ভাৱে থাকি অসাধাৰণ ব্যক্তিত্বৰ গৰাকী আছিল মোৰ বাবে৷ ছাৰ বুলি মোক পঢ়ুওৱা বাবে সম্বোধন ধৰোঁ যদিও মোৰ হূদয়ৰ মাজত বৰদেউতাৰ স্থান আছিল৷ খুউৱ মৃদুভাৱে থাকি ছাৰে লগ পালেই ওচৰলৈ আহি কিবা এটা জীৱনৰ শৈক্ষিক দিশৰে হওঁক, স্বাস্থ্য সম্বন্ধেই হওঁক হিতোপদেশ দিছিল৷ দেউতাকো একেবাৰে সহোদৰ ভাইৰ দৰে নামটো কাঢ়ি আঁতিগুৰি মাৰি কথাবোৰ সোধা বৰগোহাঁই ছাৰক সু-সম্পৰ্কৰ আসনত বহুৱাই আলাপ-আলোচনাৰ মুহূৰ্তবোৰ পাৰ কৰিছিলোঁ৷ মোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত ছাৰ এদিন আমাৰ ঘৰলৈ মোৰ খবৰ ল’বলৈ আহিল৷ খবৰ সোধাত চাৰে গম পালে যে মোৰ কিছু পেটৰ সমস্যা হৈ আছে, তেখেতৰ কথা কোৱা নিজা ভাৱভঙ্গীৰে ঘপককৈ কৈ পেলালে “অনুপম, তই মাছৰ টেঙা জোল খাবিচোন, পাতল খাদ্য খাবি৷” এনেদৰে চাৰে মাজে সময়ে আমাক লগপোৱা আৰু কিছু সকাহ পোৱা পৰামৰ্শ দিবলৈ পোৱাটো ছাৰৰ সৰল মনৰ স্বভাৱজিনত গুণ আছিল৷
মাজে সময়ে ছাৰৰ গাটো বেয়া হোৱা বুলি অহুকাণে পহুকাণে শুনিছিলো যদিও ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যাতে চাৰে আকৌ আমাৰ মাজত সুস্থ হৈ থাকক, চিৰ নমস্য হৈ থাকক৷
কিন্তু হঠাৎ ২০ অক্টোবৰ তাৰিখে চাৰৰ স্বাস্থ্যৰ সম্পৰ্কে পুনৰ মা আৰু দাদাৰ মাজত কথোপকথনত ভাগ লৈ বুজিলো যে তেখেত অসুস্থ হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে৷ মনটো বৰ গধুৰ হৈ পৰিল৷ শেষত পিছদিনা পুৱা জ্জ্ব মান বজাত সঠিক এটা বাস্তৱ মানি ল’ব নোৱাৰা খবৰ পালো দূৰভাষ [ফোন] যোগে৷ ঘৰৰ সকলো মৰ্মাহত হ’লো৷ চিৰন্তন সত্যক মানি ললোঁ যে শিক্ষকতাৰ মহান গুণেৰে মহীয়ান সাহিত্য-সংস্কৃতিৰ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে নিবিড়ভাৱে জড়িত বৰগোহাঁই চাৰে আমাৰ মাজৰপৰা চিৰ বিদায় ল’লে৷ তেখেতৰ পৰলোক গমনত শৈক্ষিক, সামাজিক ক্ষেত্ৰত বিপুল ক্ষতি হ’ল৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা যাচি বৰগোহাঁই ছাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷