শ্ৰদ্ধাঞ্জলি
পূৰ্ণ বৰগোহাঁই
জাতস্য হি ধ্ৰুবো মৃত্যু ধ্ৰুৱং জন্ম মৃস্য চঃ৷
তমাদ পৰিহামেহৰ্থে নত্বং শোচিতুৰ্মহসি৷৷
জন্ম মৃত্যু এটা এৰাব নোৱাৰা পথ৷ জন্মৰ পৰা মৃত্যু পৰ্যন্ত এডাল লোহাৰ শিকলিৰ দৰে অসংখ্য গাঠি৷ তেনেকৈ মানুহৰ জীৱনলৈ আহে সুখ-শান্তি, ঘাট-প্ৰতিঘাট, বেমাৰ আজাৰ৷ এই সকলোবোৰক যি সুনিয়ন্ত্ৰিত কৰিব পাৰে তেওঁহে এজন সফল ব্যক্তি৷
এই দিনটো আছিল বুধবাৰ৷ ৰাতি ১১.১৫ বজাত হঠাৎ এটা অভিশপ্ত ফোন কল আহিল মোৰ মোবাইলত ফোনটো বাজি উঠিল৷ ফোনটো খোলাৰ লগে লগে দেখো যে মোৰ এজন বন্ধু দেৱ গগৈৰ ফোন ক’ল৷ বন্ধুৱে ক’লে সাৰ পালি, এটা বেয়া খবৰ দিবৰ বাবে ফোন কৰিলো খবৰটো হ’ল প্ৰবোধ বৰগোহাঁই আৰু নাই৷ এতিয়া ডিব্ৰুগড়ৰ পৰা আহি ধেমাজী পাইছেহি৷ মই একো ক’ব নোৱাৰি মাত্ৰ ক’লো, হয় নেকি?
তেতিয়াৰ পৰা মই আৰু মোৰ পত্নীয়ে তেওঁৰ কথা ভাবি আৰু তেওঁৰ কথা পাতি পাতি ৰাতিটো পাৰ কৰিলো৷
দেওবাৰৰ দিনা মই আৰু মোৰ পত্নী সৌমাৰপীঠত চিকিৎসালয়ত তেওঁক লগ কৰো৷ বিচনাত শুই থকা অৱস্থাত দেখা পালো৷ তেওঁৰ জ্যেষ্ঠা কন্যাই আমাক ভিতৰলৈ মাতি নিলে “দেউতা তাৱৈদেউ আহিছে” তেওঁ চকু মেলি এটা স্বভাৱ সুলভ হাঁহি মাৰি ক’লে, “মোৰ এই অৱস্থা তোমালোক আহিলা ইত্যাদি৷ আমি ভালেমান সময় থাকি তেওঁৰ লগত কিছু কথা পাতি বিদায় ল’লো৷
প্ৰবোধ বৰগোহাঁই আৰু মই লক্ষীমপুৰ কলেজিয়েট আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰায় ১৫ বছৰ মান একে লগে চাকৰিত ব্ৰতী আছিলো৷ গোটেই কাৰ্যকালত ইজনে-সিজনক এৰাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছিল৷ একেলগে ভাওনা চোৱা, বিয়া, সবাহ বা অন্য সামাজিক কামবোৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল৷ তেওঁৰ সন্মুখত মই প্ৰায় থাকিব লগা হৈছিল৷ তেওঁৰ ডাঙৰ ভিনিয়েক-বায়েকে মোক নিজৰ ভায়েকৰ দৰে সকলো সময়ত তেওঁৰ দায়িত্ব আৰু সকলো প্ৰকাৰৰ সহায়-সহযোগ কৰিবলৈ পৰামৰ্শ দিছিল৷ আমি প্ৰায় একেখন বিছনাতেই শুইছিলো৷ খোৱা-বোৱা ফুৰা-চকা, একেই আছিল৷ মানুহজন বৰ ভাবুক আছিল৷ কোনো দিন কিবা এটা সমস্যাত পৰিলে গোটেই দিন, ৰাতি ভাবি ভাবি পাৰ কৰিছিল৷ পিছ দিনা এই কথা আমাক অৱগত কৰি ইয়াৰ সঠিক উত্তৰ পাবলৈ চেষ্টা কৰে৷ মানুহজন বৰ সত্যবাদী৷ কাকো মিছা মাতিব নোৱাৰে৷ কোনোবাই মিছা ক’লে অন্তৰত বৰ দুখ পায়৷ কাকো খং কৰিব নোৱাৰে, কাকো ঠগিব নোৱাৰে৷ তেওঁ এজন অত্যন্ত গুণৱান সৎ ব্যক্তি৷ তেওঁ নিজে যেনেকুৱা সকলো মানুহক তেনেই ভাবে৷ এনে এজন মহৎ অন্তৰৰ ব্যক্তি ইহ সংসাৰৰ পৰা গুচি যোৱাত হৃদয়বান লোকৰ অপূৰণীয় ক্ষতি হ’ল৷
কবি সাহিত্যিক সকলে কৈছে--
মৃত্যু এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিৰ্লোভ ভাস্কৰ্য৷
মৃত্যুৰ পৰা কোনো বাচি যাব নোৱাৰে৷ আমি সকলো একে পথৰেই পথিক৷ দুদিন আগপিছ৷
এই মহান ব্যক্তিজনলৈ সহস্ৰ প্ৰণাম জনাই সামৰিছো৷ তেওঁৰ আত্মাই যেন এৰি থৈ যোৱা পত্নী, কন্যা, পুত্ৰ আৰু পৰিয়ালবৰ্গ, জোঁৱাই, নাতি-নাতিনী আৰু জ্ঞাতি, বন্ধু, আত্মীয়-কুটুম্ব যেন সুখে শান্তিৰে থাকে৷
আমিও দুখী দুখী অৱস্থাৰে পৰিয়ালবৰ্গলৈ অশ্ৰু অঞ্জলি যাচিলোঁ৷