শ্ৰদ্ধাঞ্জলি
বিনীতা বৰগোহাঁই [সোণমনি]
“জীৱন যুঁজৰ পৰিল অন্ত
মৃত্যুৰ কোলাত ল’লো জিৰণি
নালাগো একো আহিলো আঁতৰি
কাকো, কেতিয়াও নকৰো আমনি৷৷”
পিতৃৰ স্থান লোৱা বৰদেউতা এই সংসাৰত আৰু নাই৷ এই মুহূৰ্তত মানি ল’ব নোৱাৰিলেও প্ৰকৃতিৰ এক চিৰন্তন সত্যৰ ৰূপ ‘মৃত্যু’৷ তাক জানো নুই কৰাৰ ক্ষমতা আছে?
সুখে-দুখে ছাঁৰ দৰে থকা বৰদেউতাৰ কথা মানস পটত সদায় জিলিকি থাকিব৷ তেওঁ দিয়া প্ৰেৰণাই আমাক উৎসাহিত কৰিব৷ আজিও মোৰ মনত আছে স্পষ্ট মানেই অতি স্পষ্টকৈ ৰভাৰ তলীত পিতৃৰূপে থিয় দি কন্যাদান কৰাৰ মুহূৰ্তৰ কথা৷ সেয়া মোৰ জীৱনৰ চিৰস্মৰণীয় ক্ষণ৷ কেতিয়াও নাপাহৰো জীৱন্ত পৃথিৱীৰ মায়া মোহ এৰি মৃত্যুৰ শেতেলিত ভাগৰুৱা আত্মা জিৰাবলৈ আমাক এৰি গুচি গ’ল দূৰলৈ বহু দূৰলৈ৷
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো বৰদেউতা আপুনি য’তেই আছে সুখত থাকক শান্তিত থাকক।