বন্ধুবৰ প্ৰবোধ বৰগোঁহাইদেৱৰ সোঁৱৰণত
দিগেন্দ্ৰ নাথ হাজৰিকা
মৃত্যু এক চিৰন্তন সত্য৷ তথাপি আপোনজন, বন্ধু-বান্ধৱীৰ মৃত্যুৱে অন্তৰত আনি দিয়ে মৰ্মান্তিক বেদনা৷ তেনে এটা ঘটনা ঘটিল যোৱা ২০ অক্টোবৰ, ২০২১ তাৰিখৰ ৰাতি ১১-৩০ বজাত৷ ঠিক শোৱাৰ যো-জা কৰিছো মাথোন তেনেতে এটি ফোনকল আহিল পূৰ্ণ লাহনদেৱৰ পৰা ‘অ’ ভাই, প্ৰবোধ বৰগোহাঁই ঢুকালে আজি ৮ বজাত৷ ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত৷ মূৰত বজ্ৰপাত পৰা যেন লাগিল৷ বেদনাত গোটেই ৰাতিটো চট্ফটাই উজাগৰে থাকিলো৷
অধ্যয়ন পিপাসু প্ৰবোধ বৰগোহাঁইদেৱক প্ৰথম লগ পোৱাৰ সৌভাগ্য ঘটিছিল ১৯৬৩ চনৰ জানুৱাৰী মাহত কোনোবা এটা দিনত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত৷ সেই বছৰ গোহাঁইদেৱে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা এম.ভি. বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আমিও বেবেজীয়া এম.ভি. স্কুলৰ পৰা এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিলো৷ আমি দুয়ো চিনাকি হ’লো, বৃত্তি পৰীক্ষা দিলো৷ তাৰপাছত বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল৷ আমি বৃত্তি নেপালো যদিও এই কাৰণেই ভাল লাগিল যে, গোহাঁইদেৱে অসমৰ ভিতৰত ৩য় স্থানত বৃত্তি পাবলৈ সক্ষম হ’ল৷ আমি দুয়ো একেটা batchৰ আছিলো যদিও আমাৰ সহপাঠী হোৱাৰ সৌভাগ্য নঘটিল৷ কিয়নো গোহাঁইদেৱে উচ্চ শিক্ষাৰ কাৰণে উত্তৰ লক্ষীমপুৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিলে আৰু আমিও তেতিয়াৰ ঢকুৱাখনা হাইস্কুলতে পঢ়াৰ সিদ্ধান্ত ল’লো৷ ইয়াৰ পাছত আমাৰ দুয়োৰে মাজৰ যোগসূত্ৰ বহুদিনলৈ বন্ধ হৈ থাকিল৷
পুনৰ আমাৰ মাজৰ সু-সম্পৰ্ক গঢ়ি উঠিল ১৯৮৫ চনৰ পাচত যেতিয়া আমি ঢকুৱাখনা কচুগাঁৱৰ স্থায়ী বাসিন্দা হ’লো৷ গোহাঁইদেৱে ঢকুৱাখনা ম’হঘূলি চাপৰিত অৱস্থিত উদয়ন সংঘ তথা চন্দ্ৰশেখৰ দাস অধ্যয়ন চক্ৰৰ প্ৰতিষ্ঠাকালত মুখ্য ভূমিকা পালন কৰিছিল৷ ইয়াৰোপৰি মেগামিক্স প্ৰকৃতি সংঘৰ প্ৰথমটো কাৰ্যালয় গৃহ নিৰ্মাণ কালত বৰগোহাঁইদেৱ নিৰ্মাণ সমিতিৰ এজন প্ৰধান সোঁতা আছিল [১৯৯৭ চনত]৷ আমাৰ দুয়োৰে মাজৰ বন্ধুত্ব বেছি গাঢ় হৈ উঠিছিল চাকৰি জীৱনৰ শেষৰফালে৷ আমি দুয়ো মাধ্যমিক শিক্ষক আৰু কৰ্ম্মচাৰী সন্থাৰ সদস্য হোৱাৰ সুবাদতে বিহপুৰীয়া, বিশ্বনাথ চাৰিআলি আদিত অনুষ্ঠিত মাধ্যমিক শিক্ষক সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনত অংশ গ্ৰহণ কৰো৷ বৰগোহাঁইদেৱ ঢকুৱাখনা মেধাবী বিদ্যাপীঠৰো এগৰাকী শুভাকাংক্ষী ব্যক্তি আছিল৷
চাকৰি জীৱনৰ অৱসৰ গ্ৰহনৰ পিছতো আমাৰ মাজত অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ কাম কাজৰ বিষয়ে আলোচনা হৈছিল৷ তেখেত ঢকুৱাখনা শাখা বিজ্ঞান সমিতিৰ এজন আজীৱন সদস্য আছিল৷ স্বেচ্ছাসেৱী সংগঠনবোৰৰ সম্ভাব্য খৰচবোৰৰ প্ৰতিও বৰগোহাঁইদেৱ এজন সচেতন ব্যক্তি আছিল৷ ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাম-কাজত তেখেত এজন বক্তব্য পৰায়ণ কৰ্ম্মী আছিল৷ আমি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদকৰ কাৰ্যকালত তেখেতে অকুণ্ঠচিত্তে সহযোগিতা আগবঢ়াইছিল৷ তেখেতৰ বিয়োগত আমি অকলশৰীয়া অনুভৱ কৰো৷ বৰগোহাঁইদেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল পৰিজনলৈ সমবেদনা জ্ঞাপন কৰিলোঁ৷
ঔম শান্তি, শান্তি, শান্তি৷