বন্ধুবৰ প্ৰবোধ বৰগোহাঁইৰ স্মৃতিত...
সৰ্বেশ্বৰ সূত বৰুৱা
এটি পবিত্ৰ ক্ষণত প্ৰখ্যাত বৰগোহাঁইৰ পৰিয়ালৰ শিক্ষাবিদ স্বাধীনতা স্বাধীনতা সংগ্ৰামী গণনাথ গোহাঁইদেৱৰ দ্বিতীয় পুত্ৰ হিচাবে ঢকুৱাখনা বালি গাঁৱত ১১ নবেম্বৰ, ১৯৫০ চনত প্ৰবোধ চন্দ্ৰ বৰগোহাঁইৰ জন্ম গ্ৰহণ কৰে৷
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়, ঢকুৱাখনা হাইস্কুল আৰু লখিমপুৰ কলেজত শিক্ষাৰ পাতনি মেলি ছাত্ৰ জীৱনৰ ইতি পেলায়৷ খেলা-ধূলা, হাঁহি, ৰং, ধেমালি, সুখ-দুখ, ঘাট-প্ৰতিঘাতেৰে জীৱন অতিবাহিত কৰি সৌ সিদিনা লক্ষীপূজাৰ গধূলি [বিশ অক্টোবৰত] জীৱন অৱসান ঘটায়৷ অজানিতে হোৱা তেওঁৰ মৃত্যুত ইষ্ট-কুটুম্বই বন্তি জ্বলাই বিদায় দিয়ে৷
বি.এ. পাচ কৰাৰ পিছত বৰগোহাঁইয়ে এ.চি.এচ. পৰীক্ষা দি উত্তীৰ্ণ হৈছিল৷ কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে৷ মাতৃয়ে ঘৰৰ পৰা দূৰৈত গৈ চাকৰি কৰাৰ পক্ষপাতি নোহোৱাৰ কাৰণে এ.চি.এচ. কাৰ্যকৰী নহ’ল৷ প্ৰথম শিক্ষকতা জীৱন আৰম্ভ কৰি লখিমপুৰ একাডেমি হাইস্কুলত৷ ১৯৮২-৮৩ চন মানত ঘৰৰ অসুবিধাৰ কাৰণে ঢকুৱাখনা হাইস্কুলত [বৰ্তমান উচ্চতৰ মাধ্যমিক] নিযুক্তি লৈ ২০১০ চনত অৱসৰ গ্ৰহণ কৰে৷
তেখেত আজীৱন মহকুমাৰ এজন অগ্ৰণী পৰিৱেশ কৰ্মী আছিল৷ মেগামিক্স প্ৰগতি সংঘৰ আৰম্ভণিৰ পৰাই এজন নিষ্ঠাবান কৰ্মী হিচাবে ব্ৰতী আছিল৷ ঢকুৱাখনা টাউন ক্লাৱৰ এজন ক্ৰীড়া সংগঠক আছিল৷ ইয়াৰ উপৰিও সাংস্কৃতিক সংগঠন ‘উদয়ন সংঘ’ৰ প্ৰতিষ্ঠাপক সভাপতি, ‘চন্দ্ৰশেখৰ দাস অধ্যয়ন চক্ৰ’ পুথিভঁৰালৰো তেখেত প্ৰতিষ্ঠাপক সদস্য আছিল৷ অৱসৰ লোৱাৰ এক বছৰৰ আগতে ২০১০ চনত জিলা ভিত্তিক কৃতী শিক্ষকৰ বঁটা লাভ কৰে৷
অৱসৰৰ পিচতো ঢকুৱাখনাৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘মেধাৱী বিদ্যাপীঠ’ত অবৈতনিক হিচাপে সেৱা আগবঢ়াইছিল৷ এই অনুষ্ঠানটোৱে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কৃতজ্ঞতাৰ চিন স্বৰূপে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশৰ দায়িত্ব লোৱাত আমি নথৈ আনন্দিত হৈছো৷ তেখেতে যি কামেই হাতত লয় তাক নেৰা-নেপেৰা প্ৰচেষ্টাৰে আগবাঢ়ি গৈছিল৷ উদাহৰণ স্বৰূপে আৰম্ভণিতে মেগামিক্স প্ৰকৃতি সংঘৰ গৃহ নিৰ্মাণত তেখেতে আগভাগ লৈ কাম কৰোতে নিজৰ পকেটৰ পৰা বহু পইচা খৰচ হৈছিল৷ পিছে প্ৰকৃতি সংঘৰ কৰ্মকৰ্তাই এই ঋণ পৰিশোধ কৰিলে৷
ঢকুৱাখনাৰ সামাজিক জীৱনত বৰগোহাঁইৰ অৱদান অলেখ৷ ঢকুৱাখনাৰ অনুষ্ঠান-প্ৰতিষ্ঠান, সভা-সমিতি, বিয়া-সবাহ, ভাওনা, থিয়েটাৰ বিলাকত ক’ত নাই। এনে এজন সমাজ সৈনিক লোকৰ মৃত্যুত আমি সমস্ত ঢকুৱাখনাবাসীয়ে দুখ প্ৰকাশ কৰিছোঁ৷
মোতকৈ প্ৰবোধ বৰগোহাঁই ১৫-১৬ বছৰ সৰু হ’লেও কিন্তু আমি দুয়ো নলে গলে লগা বন্ধু৷ এই বন্ধুত্ব প্ৰথম সৃষ্টি হয় আমি দুয়ো ‘একেখন নাৱৰে যাত্ৰী’ মধুমেহ [ডাইবেটিছ] ৰোগৰ সংগী৷ এই বেমাৰৰ দিহা-পৰামৰ্শৰ কাৰণে মোৰ ওচৰলৈ বৰগোহাঁই প্ৰায়েই আহি থাকে৷ ইয়াৰ বাদেও তেখেতৰ ঘৰুৱা যি কোনো সমস্যাৰ কাৰণে মোৰ পৰা দিহা-পৰামৰ্শ লয়হি৷ জীৱনৰ শেষৰ ফালে তেখেতে দুৰ্বল হৈ পৰা হেতুকে পৰিয়ালবৰ্গই তেখেতক ফুৰা চকা কৰিবলৈ নিদিয়ে৷ ঘৰৰ পৰা অজানিতে কেতিয়াবা মোৰ ওচৰলৈ অহাৰ নজিৰ আছে৷ আনকি আমি দুয়ো আমাৰ গোপনীয় বাত্তৰ্াবোৰ পাতিছিলো৷ বন্ধুত্ব বয়সৰ মাপ কাঠিয়ে নহয় অন্তৰৰ সহূদয়তাই জোখ-মাখ কৰে৷
চাৰিটি কন্যা সম্প্ৰদান দিয়াৰ পিচত একমাত্ৰ সুযোগ্য সন্তান প্ৰাণ কৃষ্ণৰ বোৱাৰীজনী চাবলৈ নোপোৱাত অন্তৰত দুখ থাকি গ’ল৷ পত্নী আৰু পুত্ৰত ঘৰত ৰখীয়া থৈ তেখেতে প্ৰকৃত ঘৰলৈ উৰা মাৰিলে৷ আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ পবিত্ৰ দিনটোত একাঁজিল অশ্ৰুঅঞ্জলি যাঁচি আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷