বন্ধুবৰ প্ৰয়াত প্ৰবোধ চন্দ্ৰ বৰগোহাঁইদেৱৰ সোঁৱৰণত

লিখন চন্দ্ৰ বুঢ়াগোহাঞি 

জন্মিলে মৰিব লাগে নীতি এই ধৰা বন্ধা

একেবাৰে চলি আছে সৃষ্টি পাতনিৰে পৰা৷

মোৰ সুহৃদ বন্ধু প্ৰবোধ চন্দ্ৰ বৰগোহাঁইদেৱে গত ইং ২০ অক্টোবৰ, ২০২১ তাৰিখে পুত্ৰ পৰিবাৰ, পৰিয়াল পৰিজন, আত্মীয় স্বজন, বন্ধু-বান্ধৱ সকলোকে কন্দুৱাই ইহসংসাৰ ত্যাগ কৰি গুছি কোনোবা অজান দেশলৈ৷ তেখেত যি বাটে গুচি ঘূৰি আৰু কোনোদিনেই নাহে৷ কবি যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ ভাষাত--

অনাদাৰ অৱহেলা    যত জগতৰ

সুখ-দুখ সকলো পাহৰি

সকলোকে অন্তৰৰ     প্ৰণাম জনাই

নাও মেলি আহিলো আঁতৰি

সুখ-দুখ সকলো পাহৰি৷৷

বৰগোহাঁইদেৱ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা আমাৰ সহকৰ্মী যোৱা প্ৰায় ৩০ বছৰৰো অধিক কাল বহুমুত্ৰ ৰোগত ভূগি আছিল আৰু এই ৰোগতেই আক্ৰান্ত হৈ ২০ অক্টোবৰ, ২০২১ তাৰিখে ৭১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছে৷ ছাত্ৰাৱস্থাৰপৰাই অত্যন্ত মেধাবী বৰগোহাঁইদেৱে ১৯৬২ চনত মজলীয়া বৃত্তি পৰীক্ষাত অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰি দক্ষতাৰ পৰিচয় দিছিল৷ আজীৱন শিক্ষাব্ৰতী বৰগোহাঁইদেৱেজ্ঞানৰ সমান পবিত্ৰ বস্তু একো নাই”-- এই বাণীকেই শিৰোগত কৰি নৱ প্ৰজন্মক শিক্ষাৰ বন্তিৰে আলোকিত কৰাৰ মানসেৰে শিক্ষকতাকেই জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি প্ৰথমে ১৯৭৩ চনৰ  ১লা মাৰ্চত উত্তৰ লক্ষীমপুৰ কলেজিয়েট হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ১৯৮২ চনৰ ১২ মাৰ্চত ঢকুৱাখনা উচ্চতৰ মাধ্যমিকলৈ বিদ্যালয়লৈ বদলি হৈ আহি মুঠতে ৩৭ বছৰৰো অধিক কাল শিক্ষকতা কৰি গত ৩০ নবেম্বৰ, ২০১০ তাৰিখত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ শিক্ষক হিচাবে তেখেতে ছাত্ৰ-ছাত্ৰীৰ লগত সু-সম্পৰ্ক গঢ়ি তুলি, পাৰদৰ্শিতাৰে পাঠদান কৰি ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে সুনাগৰিক হোৱাত উদ্গনি দিছিল৷ তেখেতৰ এই পাৰদৰ্শিতাৰ বাবেই লক্ষীমপুৰ জিলাৰ শিক্ষা বিভাগে ২০১০ বৰ্ষৰ শিক্ষক দিৱসত তেখেতক কৃতী শিক্ষক বঁটা সন্মানেৰে বিভূষিত কৰিছিল৷ তেখেত এজন সহজ-সৰল, বিনয়ী স্বভাৱৰ, মৰমিয়াল শিক্ষক হিচাপেই পৰিচিত৷

বৰগোহাঁইদেৱ আছিল এজন সু-লেখক৷ বহল পৰিসৰত পৰিচিত নহলেও তেখেত আছিল ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰবিকাশ এজন নিয়মীয়া লেখক৷ ইয়াৰ উপৰি তেখেতে স্থানীয় ভাৱে প্ৰকাশিত বিভিন্ন আলোচনীত ভিন্ন স্বাদৰ প্ৰবন্ধ পাতি লিখি সাহিত্য চৰ্চাত ব্ৰতী হৈছিল৷ 

বৰগোহাঁইদেৱ আছিল এজন সক্ৰিয় সমাজকৰ্মী বিভিন্ন শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত আছিল৷ তাৰ ভিতৰত উল্লেখ যোগ্য হৈছে-- ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়, ঢকুৱাখনা বালিকা মহাবিদ্যালয়, ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ, ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, চন্দ্ৰশেখৰ অধ্যয়ন চক্ৰ, উদয়ন সংঘ, জ্যোতি নাটঘৰ, হেন্ৰিক ইব্চেন নাট্য মঞ্চ, মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা আৰু মেধাবী বিদ্যাপীঠ, ঢকুৱাখনা আদি৷

১৯৯৫ চনৰ কথা৷ অধীন তেতিয়া মেগামিক্স প্ৰকৃতি সংঘৰ প্ৰথম সভাপতি৷ সংঘৰ গৃহ নিৰ্মাণৰ বাবে এটুকুৰা মাটি লাগে৷ বৰগোহাঁইদেৱে ৰাজহুৱা প্ৰস্তাৱটোলৈ সেই সময়ত ঢকুৱাখনা আৰু ঘিলামৰা দুয়োটা ৰাজহ চক্ৰৰ দায়িত্বত থকা চক্ৰ বিষয়া শ্ৰদ্ধাৰ মৃগেন গগৈদেৱৰ ওচৰত ঘিলামৰাত গৈ সংঘৰ কাৰণে মাটি আৱন্তনৰ ব্যৱস্থা কৰাৰ উপৰিও গৃহটি নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা একাংশ বাঁহ নিজ বাৰীৰ পৰা দান দিছিল৷ ইয়ো ৰাজহুৱা স্বাৰ্থত এক ত্যাগৰ নমুনা৷ তেখেত আছিল শংকৰদেৱ শিশু নিকতেনৰ প্ৰতিষ্ঠা কালৰ এগৰাকী সক্ৰিয় সদস্য৷ ইয়াৰোপৰি তেখেতে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ প্ৰতি লক্ষ্য ৰাখি নিজে উদ্যোগ লৈ চন্দ্ৰ শেখৰ অধ্যয়ন চক্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু নিজেই আছিল প্ৰতিষ্ঠাপক সভাপতি৷ উক্ত অধ্যয়ন চক্ৰৰ বৰ্তমানৰ সভাপতি পদত থকা অৱস্থাতে তেখেতৰ মৃত্যু হৈছে৷

চাকৰিৰ পৰা অৱসৰৰ পাছতে তেখেতে ঢকুৱাখনা মেধাবী বিদ্যাপীঠত অবৈতনিক শিক্ষক হিচাবে নিযুক্ত হৈ জীৱনৰ গধূলি পৰতো শিক্ষকতাৰ কামত ব্ৰতী হৈ থকা অৱস্থাত ইহ সংসাৰৰ পৰা বিদায় লয়৷ বৰগোহাঁইদেৱৰ নামৰ লগত তেখেতৰ কামৰ মিল আছিল৷ বন্ধু-বান্ধৱ, ছাত্ৰ-ছাত্ৰীকে আদি কৰি স্থানীয় অঞ্চলৰ কাৰোবাৰ বিপদ-আপদ লে টলৌ টলৌ কৈ চাইকেল চলাই খবৰ লৈছিল, সহায় কৰিছিল আৰু আৰ্তজনক প্ৰবোধ দিয়াত তেখেত অগ্ৰণী আছিল৷  

বন্ধুবৰ বৰগোহাঁইদেৱৰ পাৰিবাৰিক জীৱন সুখকৰ আছিল৷ তেখেতৰ চাৰিগৰাকী কন্যা আৰু এজন পুত্ৰৰে সাংসাৰিক জীৱন পৰিপূৰ্ণ আৰু মধুৰতৰ৷  জে্যষ্ঠা কন্যা শ্ৰীমতী গীতাৰ্থী বৰগোহাঞি ঢকুৱাখনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা আৰু একমাত্ৰ পুত্ৰ শ্ৰীমান প্ৰাণকৃষ্ণ বৰগোহাঁই তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক তথা সুবক্তা৷ কনিষ্ঠা কন্যা শ্ৰীমতী কিৰণময়ী বৰগোহাঁই শিক্ষয়িত্ৰী৷ মাজু কন্যাদ্বয় শ্ৰীমতী জাহ্নৱী আৰু শ্ৰীমতী ত্ৰিৱেণী দুইগৰাকী উচ্ছ শিক্ষিতা আৰু চাৰিগৰাকীয়ে উপযুক্ত পাত্ৰত বিবাহ হৈছে৷ তেখেতৰ পৰিবাৰ শ্ৰীযুক্তা চন্দ্ৰমা দুৱৰী বৰগোহাঁই এগৰাকী সু-গৃহিনী তথা সু-লেখিকা৷ 

প্ৰিয়তম বন্ধু প্ৰবোধ চন্দ্ৰ বৰগোহাঁইদেৱ সংসাৰ মায়া সাগৰ পাৰ হৈ বৈকুণ্ঠ ধামলৈ লগৈ৷ আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা তেখেতৰ গুণৰাশি স্মৰণ কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক-- এই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷

Popular posts from this blog

মিষ্টাৰ ৰবীন

শ্ৰদ্ধাঞ্জলি

স্মৃতিৰ মানসপটত সৰু মোমাইদেউ