শিক্ষাগুৰু স্মৰণ
ড॰ জিতু কুমাৰ চমুৱা
“গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ৷
গুৰু সাক্ষাত পৰমব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ৷”
আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰবোধ বৰগোহাঁইদেৱৰ পৰলোক গমনত গভীৰ দুখ অনুভৱ কৰিছো৷ আমাৰ হাইস্কুলীয়া জীৱনত চাৰক ওচৰৰ পৰা লগ পাইছিলো৷ চাৰে খুউব মনোযোগেৰে পঢ়াইছিল আৰু তেখেতৰ মেধা আৰু পাণ্ডিত্য তেখেতৰ শিক্ষাদানত প্ৰকাশ পাইছিল৷ সহজে খং নুঠা চাৰে যথেষ্ট সহজ সৰল এটি জীৱন-যাপন কৰিবলৈ যে বিচাৰিছিল তাক তেখেতৰ জীৱন চৰ্যাৰ পৰা আমি অনুধাবন কৰিব পাৰো৷ Simple living and high thinking যেন তেখেতৰ জীৱনৰ ব্ৰত আছিল৷
শিক্ষাগুৰু হিচাপে পোৱাৰ উপৰিও চাৰক সততে সভা সমিতিত লগ পাইছিলো৷ চাৰ আছিল সমাজপ্ৰিয় এজন ব্যক্তি৷ ঢকুৱাখনাৰ প্ৰায় বিলাক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেখেত জৰিত আছিল৷ আমি হাইস্কুলীয়া দিনতে খোলা ‘জ্ঞান বিজ্ঞান চৰ্চা কেন্দ্ৰ, ঢকুৱাখনা’ৰ তেখেতও এজন অন্যতম উপদেষ্টা আছিল৷ মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনা চন্দ্ৰশেখৰ অধ্যয়ন চক্ৰ আৰু পুথিভৰাঁল, জ্যেষ্ঠ নাগৰিক সন্মিলন, ঢকুৱাখনা আদিৰ তেখেত এজন সক্ৰিয় কৰ্মী আছিল৷ তাৰোপৰি তেখেত অসম সাহিত্য সভাৰ এজন আজীৱন সভ্য আছিল৷ উল্লেখযোগ্য যে তেখেতৰ একান্ত তাগিদাতে ‘চন্দ্ৰশেখৰ অধ্যয়ন চক্ৰ আৰু পুথিভৰাঁলৰ কাৰ্যালয়টি অসম সাহিত্য সভা, ঢকুৱাখনা শাখাক অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল যোৱা ২৬-০৯-২০২১ তাৰিখে৷ সেইদিনটোত চাৰ এজন সপ্ৰতিভ আৰু সম্পূৰ্ণ সুস্থ ব্যক্তি আছিল৷ আজি ভাবিবলৈ’ টান লাগিছে, সেই দিনটোৰ পৰা এমাহ পাৰ নৌহওঁতেই যোৱা ২০ অক্টোবৰ তাৰিখে কেনেকৈ যে আমাৰ মাজৰ পৰা আঁতৰি যাব পাৰিলে চাৰে।
আৰু এটা স্মৃতিয়ে আজি মোক বাৰুকৈ দোলা দি ৰাখিছে৷ সেয়া হৈছে চাৰে শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাৰ ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থত প্ৰকাশৰ বাবে এটি লিখনী, ‘স্মৃতিৰ সফুঁৰা মেলি’ শিৰোনামেৰে আমাৰ হাতত ২২-৯-২০২১ তাৰিখে দিছিল৷ তেখেতে নিজহাতে প্ৰদান কৰা হয়তো এইটোৱে শেষ লেখা৷
বিভিন্ন ব্যস্ততাৰ মাজতো চাৰে বয়োজ্যেষ্ঠ সকলৰ ক্ৰীড়া প্ৰতিযোগিতা (Vatern) ত কেইবাবাৰো অংশগ্ৰহন কৰিছিল৷ অসমৰ বাহিৰতো খেলিবলৈ গৈছিল৷ পুৱাই উঠি তেখেতে কেইবা কিলোমিটাৰ খোজ কঢ়া আমি প্ৰায়েই দেখিছিলো৷
“কোন কাৰ জগতৰ কোন কাৰ মৰমৰ
চকুৰ চিনাকি দুদিনৰ৷
সসীমৰ ৰূপ তৃষা অসমীত বুৰ যাব
খহি গ’লে জৰী মৰমৰ৷৷”
শ্ৰদ্ধাৰ চাৰৰ পৰলোক গমনত মৰ্মাহত হৈছো৷ তেখেতৰ বিদেহ আত্মাই অনন্ত ধামত চিৰশান্তি লাভ কৰক৷ পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।