বন্ধু প্ৰবোধ বৰগোহাঁইৰ পবিত্ৰ স্মৃতিত
বলোৰাম দত্ত
ইংৰাজী ২১-১০-২০২১ তাৰিখে পুৱা ৮ বজাত খবৰ পালো৷ বৰগোহাঁইদেৱ কালি ৰাতি ডিব্ৰুগড়তে ইহসংসাৰ ত্যাগ কৰিলে৷ খবৰটো পাই বৰ আচৰিত হ’লো, আগতীয়াকৈ খবৰ পোৱা হ’লে তেখেতক শেষ শ্ৰদ্ধা জনাবলৈ সুবিধা পালোহেঁতেন৷ তেখেত অসুস্থ হোৱা বাবে লখিমপুৰলৈ নিয়া, লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ নিয়া আদি সকলো খবৰ তেখেতৰ পৰিবাৰৰ সৈতে ফোন যোগে লৈ আছিলো৷ মৃত্যু হোৱা দিনা আবেলিও ফোন যোগে খবৰ লৈছিলো৷ কোমল অন্তৰৰ বৰগোহাঁইদেৱৰ লগত কম সময়ৰ ভিতৰত বন্ধুত্ব গঢ়ি উঠিছিল৷ ইংৰাজী ৩-১০-২০২১ তাৰিখে মই বৰগোহাঁইদেউ সহ চাৰিটা পৰিয়াল কাঠৰবাৰী লিখন চন্দ্ৰ বুঢ়াগোহাইৰ ঘৰত এসাঁজ তৃপ্তিৰে খাইছিলো৷ তাৰ পাছত বৰগোহাঁইদেৱৰ ঘৰত আহি একাপ চাহ খাই ঘৰা ঘৰি হৈছিলো৷ বৰগোহাঁইদেৱে শিক্ষকতা জীৱনৰ পাতনি লখিমপুৰতে আৰম্ভ কৰিছিল যদিও ঢকুৱাখনা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা পদ খালী হোৱাত চৰকাৰী নীতি-নিয়মেৰে আহি ইয়াত যোগদান কৰেহি৷ জিলা পৰ্য্যায়ত কৃতী শিক্ষকৰ বঁটা লাভ কৰি চাকৰি জীৱনৰ সামৰণি মাৰিছিল৷
জন্ম হ’লে মৃত্যু হোৱাতো চিৰন্তন সত্য৷ ইয়াক কোনেও নুই কৰিব নোৱাৰে৷ ভগৱন্তৰ ইচ্ছা আমি ভবাৰ দৰে নহয়৷ মানুহে যেনেকৈ পুৰণা ধাৰণা বস্ত্ৰ ত্যাগ কৰি নতুন বস্ত্ৰ ধাৰণ কৰে তেনেদৰে আত্মাই জীৰ্ণ শৰীৰ ত্যাগ কৰি নতুন শৰীৰ গ্ৰহণ কৰে৷ ভগৱন্তৰ এই মহাবাণী যদি সত্য হয় তেন্তে বৰগোহাঁইৰ বিদেহী আত্মাই নি(য় ভগৱন্তৰ চৰণ কমলত স্থান পাব৷
দেহ নশ্বৰ, আত্মা অবিনশ্বৰ৷ চৌবিশ তত্বৰে গঠন হোৱা দেহৰ মাজত সোমাই থকা আত্মা গুচি যোৱাৰ পাছত দেহ আৰু দেহ হৈ নাথাকে, মৃত্যুৱেই তাৰ শেষ সীমা৷ হীৰেন ভট্টই সেয়ে কবিতাৰে মৃত্যুক এক নিৰ্লোভ ভাস্কৰ্য বুলি উল্লেখ কৰিছে৷ সততে আমাক আমনি নকৰা কোমল মনৰ এজন প্ৰিয় বন্ধু বিচ্ছেদৰ শোক সহিব পৰা নহয়