Posts

শ্ৰদ্ধাঞ্জলি

অমৰজ্যোতি ‘ হে মহান   তোমাক জনাও মোৰ সশ্ৰদ্ধ প্ৰণাম তুমি প্ৰজ্ঞাৰ সাধক তুমি জ্ঞানৰ আলোকময় জ্যোতি তোমাৰ জ্ঞানে পোহৰায় অজ্ঞানৰ এন্ধাৰ বাট সুন্দৰ কৰে সমাজ তোমাৰ সুন্দৰ মন তোমাৰ ব্যস্ততাপূৰ্ণ শিক্ষকতা জীৱন সমাজৰ বাবে এক নিদৰ্শন সুস্থ সমাজ   বলিষ্ঠ মানৱ সম্পদ গঢ়াত তোমাৰ অৱদান আছিল অপৰীসিম তোমাৰ কোমল হূদয় তোমাৰ নিজস্ব জ্ঞানৰ সত্তা আন দহজন জ্ঞান পিপাসুৰ বাবে প্ৰেৰণা স্বৰূপ আই জননীৰ তুমি আছিলা   সুযোগ্য সন্তান যাৰ বাবে তুমি আজি মহিয়ান তোমাৰ ছাত্ৰ প্ৰেম তোমাৰ বিশাল প্ৰাণ্ডিত্বই উদ্ধুদ্ধ কৰে   সত সহস্ৰজন নবীন শিক্ষা গুৰুক৷

মিষ্টাৰ ৰবীন

পাপু ‘ বেদান্তদাই [ সৰু আপাদেউৰ পুতেক ] ক ’ লে “ তই এনেই অকলে আমনি পোৱাতকে মোৰ লগতে ব ’ ল মাধুৰিমাহঁতৰ ঘৰৰ অন্নপ্ৰাসন্ন খাই আহোগৈ৷ ” মই ভাবিলোঁ পৰিকল্পনাটো বৰ বেয়া নহয় , সেইদিনা ৰাতি বেদান্তদাৰ ঘৰত কিছু দেৰিলৈকে থকাৰ কথা আছিলে , গতিকে বেদান্তদা যদি নাথাকে মই অকলে কি কৰি থাকিম৷ তেওঁৰ লগতে গ ’ লো , তাত ইতিমধ্যে অনুষ্ঠান শেষ হ ’ বৰেই হৈছিল৷ মানুহৰ আহ - যাহ শেষ হৈছিলগৈ প্ৰায় , আমাক মাতি নি ভিতৰত টেবুলখনতে বহিবলৈ দিলে , লগত আৰু দুজনমান তেওঁলোকৰ চিনাকি মানুহ৷ ৰাতি প্ৰায় চাৰে সাত মান বাজিছিল ছাগৈ৷ দেখিছোঁ দেউতা সোমাই আহিছে৷ হ ’ ব বাৰু , ঠিক আছে -- দেউতাৰ এইটো নিয়মেই৷ নিমন্ত্ৰণ পালে মুঠতে দহো বন কাতি কৰি যাব৷ তাৱৈদেউৱে দেউতাক মাতি মেলি আমি বহি থকা টেবুলখনতে বহিবলৈ দিলে৷ বেদান্তদাৰ কাষতে বহি দেউতাই এফালৰ পৰা মানুহকেইজনৰ লগত চিনাকি হ ’ বলৈ আৰম্ভ কৰি দিলে , “ এওঁ কোন?   এওঁ?   অ , অ , তালৈ মই গৈছোঁ নহয় ... ছাইকেল মাৰি গৈছোঁ ” ইত্যাদি৷ মই দেউতালৈ চাই আছোঁ , মনতে ভাবি আছোঁ মানু